গুৱাহাটীঃ ৰাজ্য চৰকাৰে বুধবাৰে গৃহৰক্ষী জোৱানসকলৰ দৈনিক ভাট্টা ৩০০ টকাৰ পৰা ৭৬৭ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰে। এই বৃদ্ধিৰ পিছতে অসমৰ প্ৰায় ২৪,০০০গৰাকী গৃহৰক্ষী জোৱানৰ মাহিলী দৰমহা ২৩,০১০ টকালৈ বৃদ্ধি পাব।

অসম চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে এই অধিসূচনা জাৰী কৰাৰ তাৰিখৰ পৰা দৈনিক গৃহৰক্ষীৰ ভাট্টা ৭৬৭ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে প্ৰাথমিক প্ৰশিক্ষিত গৃহৰক্ষীয়ে বাবে প্ৰতিদিনে ৩০০ টকা আৰু উন্নত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীয়ে প্ৰতিদিনে ৩১৫ টকা লাভ কৰি আহিছিল।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে কয়, “অসম আৰক্ষীৰ এক গুৰুত্বপূৰ্ণ শাখা, গৃহৰক্ষীবাহিনীয়ে আইন-শৃংখলা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাজ্যৰ প্ৰায় ২৪,০০০ গৃহৰক্ষীৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি, আমি তেওঁলোকৰ দৈনিক মজুৰি বৰ্তমানৰ ৩০০ টকাৰ পৰা ৭৬৭ টকালৈ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছো। এতিয়াৰে পৰা তেওঁলোকৰ মাহিলী মজুৰি ২৩,০১০ টকালৈ বৃদ্ধি কৰা হৈছে।”

গৃহৰক্ষী বাহিনীৰ দীৰ্ঘদিনীয়া দাবীৰ মানি ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তত ৰাজ্যৰ ২৪হাজাৰ গৃহৰক্ষী জোৱানৰ মুখত হাঁহি বিৰিঙিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply