হোজাই : হোজাই আৰক্ষীয়ে আজি এক অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে চাৰিজনকৈ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদ ৫০০০ টকাৰ লগতে চাৰিটা মোবাইল ফোন তথা কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ধৃত জুৱাৰী কেইজনক অজয় চক্ৰৱৰ্তী (৩০),তাপছ কৰ্মকাৰ (৩২), হিৰালাল গুপ্তা (৩০) আৰু মাধৱ দাস (৬১) বুলি চিনাক্ত কৰা হৈছে।

বৰ্তমান আৰক্ষীয়ে চাৰিওকে হোজাই আৰক্ষী থানাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : ট্ৰেনজিট কেম্প : সলনি কৰা হ’ল ৰাজ্যৰ ডিটেনচন কেন্দ্ৰসমূহৰ নাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply