গুৱাহাটী: অসম বিধনাসভাৰ বাজেট অধিৱেশন চলি থকাৰ মাজতে চচলত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ।

মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে। পৰিষদৰ শতাধিক সদস্যই বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

দেশী উন্নয়ন পৰিষদ ঘোষণা কৰি কাৰ্যকৰী কৰা। ৰাজ্যৰ বিভিন্ন স্বায়ত্ব পৰিষদত বসবাস কৰি থকা গৰিয়া-মৰিয়া-দেশী লোক সকলক সংৰক্ষিত জনগোষ্ঠী হিচাপে ঘোষণা কৰা। গৰিয়া-মৰিয়া-দেশী সকলক চৰকাৰীভাৱে সুকীয়া জৰীপ কৰি চিনাক্ত কৰি সাংবাদিক সুৰক্ষা প্ৰদান কৰা।

ৰাজ্যৰ কাঁহ, পিতলৰ উদ্যাগৰ লগত জড়িত মৰিয়া সকলক আৰ্থিক সাহায্য প্ৰদান কৰি উদ্যোগটো আগুৱাই নিয়াৰ দাবীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে তেওঁলোকৰ দাবী পুনৰ নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

লগতে পঢ়ক – শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply