নিউজ ডেস্কঃ অসম গৌৰৱ বঁটা বিজয়ী কল্পনা বড়োৰ মৃত্যু। দেওবাৰে পুৱা ৪ বজাত ওদালগুৰি জিলাৰ ৰৌতাৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কল্পনা বড়োৱে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কল্পনা বড়ো।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কল্পনা বড়োৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, এগৰাকী সক্ৰিয় সমাজকৰ্মী তথা ‘অসম গৌৰৱ’ বঁটা লাভ কৰা কল্পনা বড়োৰ মৃত্যুৰ খবৰ দুখজনক। সমাজ সেৱাৰ প্ৰতি তেখেতে দেখুওৱা দায়বদ্ধতা সকলোৰে বাবে এক উদাহৰণ হৈ থাকিব। মই তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।


কল্পনা বড়ো এগৰাকী অংগনৱাড়ী কৰ্মী হিচাপে শিশুৰ পৰিপূৰক পুষ্টি আৰু নিয়মীয়া বিকাশ নিৰীক্ষণ প্ৰদান কৰাত যথেষ্ট প্ৰদৰ্শন দেখুৱাইছিল। শিশুৰ বিকাশৰ বাবে প্ৰাক-বিদ্যালয় শিক্ষা কাৰ্যকৰীভাৱে পৰিচালনা কৰাত বড়োৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

অংগনৱাড়ী কৰ্মী হিচাপে আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে কল্পনা বড়োক চলিত বছৰৰ আৰম্ভণিতে অসম চৰকাৰে প্ৰদান কৰিছিল অসম গৌৰৱ সন্মান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply