শিৱসাগৰ : কিছুদিন পূৰ্বে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰক ‘ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ’ হিচাপে ঘোষণা কৰিবলৈ বিধানসভাত দাবী উত্থাপন কৰিছিল। ইয়াৰ উপৰি শিৱসাগৰৰ উন্নয়নৰ বাবে তেওঁ চৰকাৰক ১০০ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিবলৈ আহ্বান জনাইছিল।
গগৈয়ে দাবী কৰাৰ দৰে অসমৰ ইতিহাসত শিৱসাগৰৰ গুৰুত্বৰ কথা নিশ্চয় কোনো ব্যক্তিয়ে অস্বীকাৰ নকৰিব। শিৱসাগৰৰ বিভিন্ন স্থানত আহোম ঐতিহ্যৰ ৫৫১ টা কীৰ্তিচিহ্ন সিঁচৰিত হৈ আছে।
‘একে ঠাইতে ইমান বিলাক ঐতিহাসিক কীৰ্তিচিহ্ন থকাটো হয়টো পৃথিৱীৰ ভিতৰতে বিৰল। শিৱসাগৰ আমাৰ গৌৰৱ, ২০১৯ চনৰ UNESCO-ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰ সম্ভাব্য তালিকাত শিৱসাগৰে স্থান পাইছে,’ গগৈয়ে কয়।
বিখ্যাত তলাতল ঘৰৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত আছে আহোম ৰাজত্বৰ আন তিনিটা গুৰুত্বপূৰ্ণ কীৰ্তিচিহ্ন, গৌৰীসাগৰৰ দেৱী দ’ল, শিৱ দ’ল আৰু বিষ্ণু দ’ল। স্বৰ্গদেউ শিৱসিংসৰ পত্নী ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্মাণ কৰা এই দ’লকেইটাৰ যথেষ্ট ঐতিহাসিক গুৰুত্ব আছে। কিন্তু চোৱাচিতাৰ অভাৱত এতিয়া এই দ’ল কেইটাৰ অতি দুখলগা অৱস্থা হৈছে।

দ’লকেইটাৰ চাৰিওফালে দীঘল দীঘল ঘাঁহ বন গজি উঠাৰ লগতে বিষ্ণু দ’লৰ দুৱাৰ বন্ধ হৈ আছে। মহামাৰীৰ সময়ছোৱাত কোনেও দ’লকেইটা চোৱাচিতা নকৰাৰ ফলত অৱস্থা অধিক বেয়া পৈ পৰে বুলি স্থানীয় লোকে অভিযোগ কৰে।
বাৰিষাৰ দিনত, দ’ল কেইটাৰ দেৱালসমূহত শেলুৱৈ গজে। যোৱা ২২ বছৰ ধৰি দ’ল কেইটাৰ চোৱাচিতাৰ দায়িত্বত থকা বাবুল নাথে কয়, ‘বাৰিষা দেৱাল বিলাক পিছল হৈ পৰে বাবে শেলুৱৈ চাফা কৰাত অসুবিধা হয়’। পুৰাতত্ত্ব বিভাগত তেওঁ যোগদান কৰাৰ আগৰ পৰাই এই দেৱাল বিলাক অৱক্ষয় হ’বলৈ আৰম্ভ হোৱা বুলি তেওঁ জনায়।
লগতে পঢ়ক : কিদৰে লকডাউনৰ সময়খিনি হাঁহি-স্ফূৰ্টিৰে পৰিয়ালৰ সৈতে পাৰ কৰিব?
পুৰাতত্ত্ব বিভাগৰ বিষয়া সঞ্জিত নাথে ইষ্টম’জ’ক কয়, ‘১৮৯০ চনতে দ’ল কেইটা শেষ বাৰৰ বাবে ঠিকমতে মেৰামতি কৰা হৈছিল।’
সংৰক্ষণৰ দায়িত্বত থকা সহকাৰী সংৰক্ষক অমৰজিৎ কুমাৰে কয়, ‘২০১৮-১৯ চনত আমি কীৰ্তিচিহ্ন সংৰক্ষণৰ এটা প্ৰকল্প হাতত লৈছিলো। উক্ত প্ৰকল্পৰ অধাীনত আমি ভঙা বেঞ্চসমূহ মেৰামতি কৰাইছিলো। ইয়াৰ উপৰি পুৰণি দেৱালখনো ভাঙি পৰিছিল, আমি সেইখনো মেৰামতি কৰাৰ লগতে সৌৰ শক্তি চালিত লাইটৰ ব্যৱস্থা কৰিলো।’

দ’ল কেইটাৰ জৰাজীৰ্ণ অৱস্থা প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে যথেষ্ট দোষ প্ৰকাশ কৰে। অতীতৰ কথা মনত পেলাই আৱেগিক হৈ পৰা গৌৰীসাগৰৰ বাসিন্দা প্ৰতিভা দত্তই কয়, ‘দল কেইটাৰ লগতে ইয়াৰ পাৰৰ বৰপুখুৰীটো অঞ্চলটোৰ বহু ভাল-বেয়া সময়ৰ সাক্ষী। মোৰ গোটেই জীৱনটো মই গৌৰীসাগৰত পাৰ কৰিছো আৰু শৈশৱৰ পৰাই মই দ’ল কেইটাৰ লগতে বৰপুখুৰীৰ প্ৰাকৃতিক সৌন্দৰ্য্য দেখি আহিছো।’
তেওঁ বৰপুখুৰীটোলৈ আগমন হোৱা পৰিভ্ৰমী চৰাই বিলাকৰ কথাও উল্লেখ কৰে। ‘পৰিতাপৰ কথা যে, এই অঞ্চলটোয়ে ধৰি ৰখা সৌন্দৰ্য্য আৰু ইতিহাসৰ বিষয়ে মানুহ বিলাক সচেতন নহয়,’ তেওঁ কয়।
ইংৰাজীত পঢ়ক : Assam: Gaurisagar dols, the pride of Ahom dynasty, in pitiful state