গুৱাহাটীঃ তৃতীয় লিংগৰ লোকসকলক সমাজত প্ৰায় বৈষম্যমূলক দৃষ্টিৰে চোৱা হয়। যাৰ বাবে যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোক মুক্ত মনেৰে আগবাঢ়ি অহাত নানা বাধাৰ সন্মুখীন হ’বলগীয়া হয়। ৰাজ্যখনৰ তৃতীয় লিংগৰ সম্প্ৰদায়ক শক্তিশালী কৰিবলৈ আৰু তেওঁলোকক উদ্যোগী কৰি তুলিবলৈ কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনৰ সহযোগত অল আসাম ট্ৰেন্সজেণ্ডাৰ এছ’চিয়েশ্যনৰ অধীনত সোমবাৰে গুৱাহাটীত মুকলি কৰা হ’ল প্ৰথমখন তৃতীয় লিংগৰ সম্প্ৰদায়ৰ লোকৰ চাহৰ দোকান। ‘ট্ৰান্স টি ষ্টল’ নামেৰে আমিনগাঁৱৰ কামৰূপ (মেট্ৰ’) উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত মুকলি হ’ল চাহৰ দোকানখন।

অল আসাম ট্ৰেন্সজেণ্ডাৰ এছ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই কয়, “এই চাহৰ দোকানখন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য হৈছে অসমৰ তৃতীয় লিংগৰ সম্প্ৰদায়ক শক্তিশালী কৰা আৰু তেওঁলোকক উদ্যোগী কৰি তোলাৰ লগতে ব্যৱসায়িক যোগাযোগৰ দক্ষতা বিকাশত সহায় কৰা। ইয়াৰ দ্বাৰা সম্প্ৰদায়টোৱে উপাৰ্জনৰ এক উৎস পোৱাত সহায়ক হ’ব”।

বৰ্তমান এই চাহৰ দোকানখন অল আসাম ট্ৰেন্সজেণ্ডাৰ এছ’চিয়েশ্যনৰ দুজন সদস্যৰ দ্বাৰা পৰিচালিত কৰা হ’ব।

আৰম্ভণীতে এই ষ্টলখনত চাহৰ লগতে আন কিছুমান পেকেটযুক্ত খাদ্য সামগ্ৰীয়ো গ্ৰাহকৰ বাবে উপলব্ধ হ’ব। পিছলৈ গ্ৰাহকৰ সঁহাৰিৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ সামগ্ৰীও উপলব্ধ হ’ব বুলি জনাইছে অল আসাম ট্ৰেন্সজেণ্ডাৰ এছ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক স্বাতী বিধান বৰুৱাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply