গুৱাহাটী : আলফা(স্বা)ত যোগদানৰ সন্দেহ ৰাজ্যিক পৰ্যায়ৰ মহিলা খেলুৱৈৰ। কিক বক্সিং খেলুৱৈ নয়নমণি চেতিয়া আলফাত যোগদানৰ সন্দেহ।

খেলুৱৈ নয়নমণি চেতিয়াৰ ঘৰ তিনিচুকীয়াৰ চাংমাই গাঁৱত। বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল নয়নমণি চেতিয়া। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছৰে পৰা আলফালৈ যোৱাৰ সন্দেহ।

ইফালে এই সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
পৰিয়ালৰ লোকে খেলৰ বাবে যোৱা বুলিয়েই ঘৰৰ পৰা ওলাই গৈছিল বুলি জানিবলৈ দিয়ে।
বিবাহিত নয়নমণি চেতিয়া এটি সন্তানৰ মাতৃ।

নয়নমণি চেতিয়াই তিনিচুকীয়াত কিক বক্সিঙৰ প্ৰশিক্ষণ দি আহিছিল উদীয়মান খেলুৱৈ সকলক। ৭ বছৰীয়া সন্তান স্বামীও আছে নয়নমণি চেতিয়াৰ। নয়নমণি চেতিয়াৰ লগতে গোগামুখৰ কিক বক্সাৰ সবিতা চেতিয়াৰো আলফা(স্বা)ত যোগদানৰ সন্দেহ।

লগতে পঢ়ক :  “INDIA BOOK OF RECORD” ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল অৰ্চনা দোলাকাষৰীয়াই

উল্লেখ্য যে উজনি অসমৰ মুঠ পাঁচ গৰাকী যুৱতী-মহিলাই আলফা(স্বা)ত যোগদান কৰাৰ সন্দেহ কৰা হৈছে। এই পাঁচ গৰাকী যুৱতীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ৰ ভিত্তিতে এই পাঁচ গৰাকী যুৱতী-মহিলাৰ আলফা(স্বা)ত যোগদানৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply