প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে শিশু তথা কিশোৰীৰ ওপৰত চলা নিৰ্যাতনৰ ঘটনা। এগৰাকী মহাবিদ্যালয়ৰ অধ্যাপকৰ ঘৰত থকা এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ আত্মহত্যাৰ ঘটনাই চিৰাং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে নিহত কিশোৰীগৰাকীয়ে যৌন আতিশষ্যৰ বলি হোৱা বুলি তেওঁৰ এগৰাকীক বন্ধুক বাৰ্তা প্ৰেৰণ কৰি আত্মহত্যা কৰে।

আৰক্ষীয়ে ঘটনা সম্পৰ্কত কিশোৰী গৰাকী থকা জিলাখনৰ বেংটল মহাবিদ্যালয়ৰ সহকাৰী প্ৰবক্তা গৰাকীক ধৰ্ষণ আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে ভুক্তভোগী কিশোৰী গৰাকী যোৱা এবছৰ উক্ত প্ৰবক্তাজনৰ ঘৰত থাকি পঢ়াশুনা কৰি আহিছিল।

লগতে পঢ়ক : ১২ বছৰীয়া কাৰ্বি জীয়ৰীৰ হত্যাকাণ্ডই উন্মোচন কৰিছে শিশু নিৰ্য্যাতনৰ ভয়াৱহ ছবি

উক্ত ঘটনা সোমবাৰে ঘটিছিল যদিও এই সম্পকে আৰক্ষীক খবৰ দিয়া নাছিল বুলি আৰক্ষীয়ে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে ।

অভিযুক্ত প্ৰবক্তা আৰু তেওঁৰ পৰিয়ালে কিশোৰী গৰাকীৰ সৎকাৰ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে এক সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।  

আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ অহা মতে কিশোৰী গৰাকীয়ে ভোগ কৰি অহা যৌন আতিশষ্যৰ বাবে জীয়াই থকা আশা হেৰোৱাই পেলোৱা বুলি সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ এগৰাকী বন্ধুক এক বাৰ্তা প্ৰেৰণ কৰিছিল।

প্ৰমাণ নষ্ট কৰাৰ অভিযোগ আৰু POCSO (Protection of Children from Sexual Offences) অধীনত অভিযুক্ত লোকজনক স্থানীয় আদালতে তিনি দিনৰ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply