নিউজ ডেস্কঃ নতুন দিল্লী, ২০ মার্চ: বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত খেলি অভিষেক কৰা অসম কন্যা লাভলীনা বৰগোহাঁয়ে চমকপ্ৰজ জয়ৰে অভিযান আৰম্ভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে নতুন দিল্লীত চলি থকা মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত আজি ৭৫ কিলোগ্রাম শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদকজয়ী লাভলীনাই হেলাৰঙে মেক্সিকোৰ ভানেছা অটিজক ৫-০ত পৰাস্ত কৰে।
প্ৰথম ৰাউণ্ডত ‘বাই’ লাভ কৰি প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা খেলৰত্ন সন্মান অর্জনকাৰী লাভলীনাই আজি ৰিঙত প্ৰৱেশ কৰি নিজৰ দৃঢ়তা প্ৰদৰ্শনৰে মেচৰ আটাইখিনি সময় বিপক্ষ বক্সাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। আটাইকেইজন ৰেফাৰীয়ে লাভলীনাৰ পক্ষত পইণ্ট দিয়ে আৰু প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অসম কন্যা।
উল্লেখ্য যে এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত নতুন ওজন শাখাত দেশক প্ৰতিনিধিত্ব কৰাছে লাভলীনাই। ইয়াৰ পূর্বে লাভলীনাই ২০১৮ ত নতুন দিল্লী তথা ২০১৯ ত ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিঙত ব্ৰঞ্জ লাভ কৰিছিল। তাৰপাছত টকিঅ’ অলিম্পিকতো ব্ৰঞ্জ জয়ৰে ইতিহাস গঢ়ে ভাৰত গৌৰৱ অসম কন্যাই। লাভলীনাই এই তিনিটা পদক জয় কৰিছিল ৬৯ কিলোগ্রাম শাখাত। কিন্তু যোৱা কমনৱেলথ গেমছৰ পাছতে লাভলীনাই ওজন শাখা সলনি কৰি এতিয়া ৭৫ কিলোগ্রাম শাখাত খেলিছে। এইবাৰ ৭৫ কিলোগ্ৰামত প্ৰথমবাৰৰ বাবে বিশ্ব বক্সিং খেলিছে অসমৰ ভাৰত গৌৰৱ বক্সাৰগৰাকীয়ে।
কিন্তু আজিৰ প্ৰত্যাশিত জয়ৰে নতুন ওজন শাখাত লাভলীনাই নিজৰ অপৰাজেয় যাত্রা অব্যাহত ৰাখিলে। উল্লেখ্য যে গুজৰাট ৰাষ্ট্ৰীয় ক্রীড়াৰ পৰাই ৭৫ কিলোগ্রাম শাখাত খেলিবলৈ লোৱা লাভলীনাই গান্ধী নগৰত অসমৰ হৈ সোণ জয় কৰাৰ পাছত এছিয়ান বক্সিং চেম্পিয়নশিপতো উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই ৭৫ কিলোগ্রাম শাখাৰ সোণ অৰ্জন কৰিছিল। ইফালে, ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙতো সোণ লাভ কৰিছে লাভলীনাই। সেয়ে চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এইবাৰ স্বৰ্ণ জয় কৰাক লৈ আশাবাদী লাভলীনা । এইবাৰ কোনো কাৰণতে ছেমিফাইনেলতে যাত্ৰা সামৰিব বিচৰা নাই অসম কন্যাই। আজিৰ আৰম্ভণিয়ে লাভলীনাক স্বাভাৱিকতে মানসিকৰূপত শক্তি দিব।
ইফালে, আজি কে ডি যাদব হলৰ বক্সিং ৰিঙত নমা ভাৰতৰ সাক্ষী চৌধুৰীয়েও (৫২ কেজি) প্রি-কোৱাৰ্টাৰ ফাইনেলত কাজাখস্তানৰ জাজিৰাক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰপূৰ্বে সাক্ষীয়ে প্ৰথম ৰাউণ্ডৰ মেচত কলম্বিয়াৰ মার্টিনেজ মাৰিয়া জোচেৰ বিৰুদ্ধে হেলাৰঙে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। উল্লেখ্য যে কেৰিয়াৰৰ প্ৰথমখন বিশ্ব চেম্পিয়নশ্বিপত অংশ লৈছে সাক্ষীয়ে।
কিন্তু আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈ অভিযান সামৰিলে ৫৪ কিলোগ্রাম শাখাত খেলা ভাৰতৰ প্ৰীতিয়ে। প্ৰথম ৰাউণ্ডৰ মেচতে চমক সৃষ্টি কৰি ৪-৩ ৰ ব্যৱধানত 2022 ৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী ৰোমানিয়াৰ লাক্ৰামিঅ’আৰা পেৰিজ’কক পৰাস্ত কৰা সাক্ষী আজি যুঁজ দিয়ো যোৱা বছৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেল খেলা থাইলেণ্ডৰ জুতামাছ জিটপঙৰ বিৰুদ্ধে আজি ৪-৩ ৰ ব্যৱধানত পৰাস্ত হয়।
প্রতিযোগিতাত কাইলৈ ভাৰতৰ ছয় গৰাকী বক্সাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলিব। কাইলৈ ৰিঙত নামিব নিতু ঘাংঘাছ (৪৮ কেজি), মনীষা মৌন (৫৭ কেজি), শশী চোপ্ৰা (৬৩ কেজি), নিখাত জাৰীণ (৫০ কেজি), জেছমিন লেম্বোৰিয়া (৬০ কেজি) আৰু মঞ্জু বাম্বোৰিয়াই (৬৬ কেজি)। ইফালে, লাভলীনাসহ কোৱাৰ্টাৰ ফাইনেল খেলিব লগা সকলো বক্সাৰে ২২ মাৰ্চত ৰিঙত নামিব নিজৰ পদক জয় নিশ্চিত কৰিবলৈ