গুৱাহাটী: গুৱাহাটী পৌৰনিগমে মহানগৰীৰ শ্বপিং মলসমূহক গ্ৰাহকৰ পৰা পাৰ্কিঙৰ নামত মাচুল সংগ্ৰহ কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
গুৱাহাটী মহানগৰীৰ আয়ুক্ত দেৱাশিস শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। ১১ মে’ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ উক্ত নিৰ্দেশ জাৰি কৰা হৈছে।
শ্বপিং মলসমূহে পাৰ্কিঙৰ নামত গ্ৰাহকৰ পৰা মাচুল সংগ্ৰহ কৰা কথাটোৱে গ্ৰাহকসকলক যথেষ্ট অসন্তুষ্ট কৰাৰ লগতে বিভিন্নজনে ইয়াৰ বিৰুদ্ধে আপত্তি কৰিছে বুলি নিৰ্দেশটোত লগতে কোৱা হয়।
‘’জি এম চিৰ বিষয়াসকলে কৰা ক্ষেত্ৰ পৰিদৰ্শনত দেখা পোৱা গৈছে যে একাংশ শ্বপিং মলে গ্ৰাহকৰ পৰা ভেলেট পাৰ্কিঙৰ নামত পাৰ্কিং মাচুল সংগ্ৰহ কৰি আহিছে,’’ নিৰ্দেশটোত কোৱা হয়।
লগতে পঢ়ক – জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ