বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতৰ ৰজাবাৰীৰ খতিয়াখলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এক সম্বৰ্ধনা অনুষ্ঠান।
খতিয়াখলি চিত্ৰলেখা মইনা পাৰিজাতৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত বিশিষ্ট সমাজকৰ্মী তথা চিত্ৰলেখা মইনা পাৰিজাতৰ সভাপতি গকুল মাঝিক জনোৱা হয় ৰাজহুৱা সম্বৰ্ধনা।
উল্লেখযোগ্য যে ১৯৮৪ চনতে প্ৰতিষ্ঠা হোৱা খতিয়াখলি চিত্ৰলেখা মইনা পাৰিজাত নামৰ অনুষ্ঠানটোত ১৯৮৬ চনত প্ৰাথমিক সদস্য পদ লাভ কৰি ২০০৩ চনত উপ সভাপতি আৰু ২০০৪ চনত সভাপতি হিচাপে নিৰ্বাচিত হৈ বৰ্তমানলৈকে সুচাৰুৰূপে দ্বায়িত্ব পালন কৰি অনুষ্ঠানটোক অসমৰ ভিতৰতে এটি জাকত-জিলিকা অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা তথা নিষ্ঠাবান সেৱা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে সমাজ কৰ্মী গকুল মাঝিলৈ ৰাজহুৱা সম্বৰ্ধনা যাচি কৃতজ্ঞতা জ্ঞাপন কৰে খতিয়াখলি চিত্ৰলেখা মইনা পাৰিজাতৰ বিষয়ববীয়া ,কন কন শিশু সকলৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে।
খতিয়াখলি চিত্ৰলেখা মইনা পাৰিজাতৰ পৰিচালিকা দিপামণি ভৰালীয়ে আঁত ধৰা উক্ত অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে সভাপতি জীতেন্দ্ৰ নাথ হাজৰিকা,সমাজকৰ্মী দুৰ্গেশ্বৰ শইকীয়াৰ লগতে সম্পাদক জ্যোতি খাৰঘৰীয়া ,বিহু সুৰক্ষা সমিতি কেন্দ্ৰীয় আহ্বায়ক উষা জোন ফুকনৰ লগতে কন কন শিশু সকল আৰু অঞ্চলটোৰ স্থানীয় ৰাইজ।
লগতে পঢ়ক – আৰক্ষীৰ জালত ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত ৰবিউল হক