লখিমপুৰ: লখিমপুৰ জিলাৰ নকাৰীত আৰম্ভ হোৱা নকাৰী ৰঙালী বিহু সন্মিলনৰ সোনালী জয়ন্তী বর্ষৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রাত অংশগ্ৰহণ কৰে ‘বেহাৰবাৰী আউটপ’ষ্ট’ ধাৰাবাহিকখনৰ বিউটি বাইলুং, প্ৰীতম খাৰঘৰীয়া, ৰাকেশ, ৰিচা ছেত্ৰী, বসুমতাৰী আৰু মিচিং বোলছবি জগতৰ সত্যজিৎ মৰাঙে।

আজিৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হৈছে বৃহত্তৰ সোণালী জয়ন্তী বৰ্ষৰ নকাড়ী ৰঙালী বিহু সন্মিলন

আজি প্ৰথম দিনা অন্যান্য কাৰ্য্যসুচীৰ লগতে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রাই মুখৰিত কৰি তোলে লখিমপুৰৰ আকাশ বতাহ।

শোভাযাত্রাত প্ৰতিফলিত হোৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি সকলোকে অভিভূত কৰি তোলে। শোভাযাত্রাৰ জনসমাগম দেখি ‘এছ আই চাৰে’ জীৱনত এনে বিশাল শোভাযাত্রাত প্ৰথম বাৰৰ বাবে অংশগ্রহণ কৰা বুলি কয়।

লগতে পঢ়ক – মহানগৰীত জালুকবাৰী আৰক্ষীৰ জালত আটক ৪ ড্ৰাগছ সৰবৰাহকাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply