নিউজ ডেস্ক: সোমবাৰে কেবিনেট বৈঠকত অনুমোদন জনোৱা বহু কেইটা ভাল খবৰৰ ভিতৰত ৰাজ্য ঠিকাভিত্তিক শিক্ষককো দিলে উৎসাহৰ বতৰা। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কেবিনেট বৈঠকৰ পিছতেই সংবাদ মেল সম্বোধন কৰি জনাই যে, গুণোৎসৱত একেৰাহে দুটা বৰ্ষত এ-প্লাছ গ্ৰেড পাবলৈ সক্ষম হ’ব পৰা বিদ্যালয় বোৰত কৰ্মৰত সৰ্বশিক্ষা আৰু ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষক সকলৰ নিয়মীয়াকৰণ কৰা হ’ব লগতে তেওঁ জনাই যে, যিবোৰ বিদ্যালয়ে ইতিমধ্যেই ২০২২ বৰ্ষত এ-প্লাছ গ্ৰেড পাইছে আৰু যদিহে এই চলিত বৰ্ষৰ(২০২৩) গুণোৎসৱতো যদি একেই গ্ৰেড থাকে তেনে বিদ্যালয়ৰ শিক্ষক সকলকো নিয়মীয়াকৰণৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰী পেগুৱে সাদৰী কৰে।
লগতে পেগুৱে অৱগত কৰে যে, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত এখন শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
উল্লেখ যোগ্য যে, ৰাজ্যত ইতিমধ্যেই ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰী লৈকে ৰাজ্যখনৰ ১২ খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে। পিছৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ক্ৰমে ১ ফেব্ৰুৱাৰী পৰা ৪ ফেব্ৰুৱাৰী লৈকে আৰু ১৫ ফেব্ৰুৱাৰী পৰা ১৮ ফেব্ৰুৱাৰী লৈকে ৰাজ্যখনৰ বাকী জিলাসমূহত অনুষ্ঠিত কৰা হ’ব।
লগতে পঢ়ক – গুৱাহাটীত ‘পাঠান’ৰ বিৰুদ্ধে এফ আই আৰ