বিশ্বনাথ: নিজ বিহালী গাঁও পঞ্চায়তৰ সমুহীয়া ভৱন প্রয়াত হৰি প্রসাদ প্রধান ক্ষেত্রত দুদিনীয়াকৈ অনুষ্ঠিত হয় অসম গোর্খা সন্মিলন বিশ্বনাথ জিলা সমিতিৰ অধিবেশন । কাৰ্যসূচী মতে পুৱাৰে পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতেই অহা তিনিবছৰীয়া কার্যকালৰ বাবে নতুন কমিটিৰ বাবে নির্বাচন অনুষ্ঠিত হয় ।
জিলা সভাপতি জয়কুমাৰ সুতাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা বিশিষ্ট শিল্পী বিনোদ খনালে মুকলি সভা উদ্বোধন কৰে । সভাত নিদিষ্ট বক্তা হিচাপে অসম গোর্খা সন্মিলনৰ মুখ্য সম্পাদক প্রেম শৰ্মাই অংশ গ্রহন কৰি বিগত দিনত অসমৰ নেপালী জনসাধাৰণে ভোগ কৰি অহা সমস্যা আৰু গোর্খা সন্মিলনে কৰা কামকাজ সম্পর্কত বক্তব্য প্রদান কৰে ।
পৰবৰ্তী কার্যকালৰ বাবে জয়কুমাৰ সুতাৰ সভাপতি,মাধৱ শর্মা কার্যকৰী সভাপতি,ঘণশ্যাম আচার্য,নৰেন বিশ্বকর্মা উপসভাপতি,শান্তিৰাম কার্কি মুখ্য সম্পাদক,সাগৰ পৌড়েল,ঈশ্বৰ উপাধ্যায় সম্পাদক,পবিত্র শর্মা আৰু ভৰত কটেল সাংগঠনিক সম্পাদক হিচাবে নির্বাচিত কৰা হয় ।