নিউজ ডেস্ক: ৰঙা ফিটাৰ মেৰপাকত যাতে ঘৰ, কমাৰ্চিয়েল বিল্ডিং, ফ্লেট আদিৰ লীজ প্ৰক্ৰিয়া ৰখি নাথাকে তাৰ বাবে অসম চৰকাৰে পঞ্জীয়ন আইনত কেতবোৰ নতুন সংশোধন ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনাই যে ঘৰ, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, কমাৰ্চিয়েল বিল্ডিং আদিৰ হস্তান্তৰ/লীজ যাতে খৰতকীয়া হয় তাৰ বাবে অসম চৰকাৰে পঞ্জীয়ন আইন (Registration Act)ৰ ধাৰা 21A সংশোধন ঘটাইছে।
টুইট কৰি মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ নতুন সিদ্ধান্তৰ কথা সদৰী কৰে।
চৰকাৰৰ এই সিদ্ধান্তৰ ফলত এতিয়াৰে পৰা ঘৰ আদিৰ লীজৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ পৰা No Objection Certificate (এন অ’ চি) উলিওৱাৰ কোনো প্ৰয়োজন নাথাকিব।
লগতে পঢ়ক – অসমত পুনৰ ৬ মাহলৈ বৃদ্ধি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন