গুৱাহাটী: ‘ব্যক্তিগত’ কাৰণত অসম এৰি বিহাৰলৈ নিজৰ কৰ্মস্থলী সলনি কৰিব আই পি এছ বিষয়া তথা বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (AIGP) আনন্দ মিশ্ৰই।
জানিব পৰা মতে অসম-মেঘালয় IPS কেডাৰ আনন্দ মিশ্ৰই বিহাৰ কেডাৰত যোগদানৰ উদ্দেশ্যে ইন্টাৰ কেডাৰ ডেপুটেশ্যন বিচাৰি জনোৱা আৱেদনৰ পাছতেই অসম চৰকাৰে মিশ্ৰক অনুমতি প্ৰদান কৰিছে।
উল্লেখযোগ্য যে যোৱা ৩ ছেপ্টেম্বৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ দিয়া পত্ৰত আনন্দ মিশ্ৰই ‘অত্যধিক ব্যক্তিগত অসুবিধা’ (Extreme Personal Hardship)-ৰ বাবে বিহাৰলৈ ইন্টাৰ কেডাৰ ডেপুটেশ্যন বিচাৰি আৱেদন জনাইছিল।
ইয়াৰ পিছত যোৱা ২৩ ছেপ্টম্বৰত অসম চৰকাৰে গৃহ মন্ত্ৰ্যালয়ৰ সচিবলৈ দিয়া এক পত্ৰত উক্ত বিষয়টো সম্পৰ্কত অসম চৰকাৰৰ কোনো ‘আপত্তি’ নাই বুলি জানিব দিয়ে।
উল্লেখযোগ্য যে ২০১০ চনত ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আনন্দ মিশ্ৰই ২০১১ চনত অসম-মেঘালয় IPS কেডাৰ হিচাৰপে যোগদান কৰিছিল। প্ৰথমতে মেঘালয়ত প্ৰশাসনিক বিষয়া হিচাপে কাম আৰম্ভ কৰা মিশ্ৰুই ২০১৮ চনত মেঘালয়ৰ পৰা অসমলৈ বদলি হয়।
ধুবুৰী আৰু পিছত নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে তেওঁ অসমত যথেষ্ট চৰ্চিত হৈছিল। নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে থকা সময়ত চলিত বৰ্ষৰ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ এনকাউন্টাৰ ঘটনাত বিতৰ্কত সোমাই পৰি পিছত নগাঁও এৰিব লগা হৈছিল।
কৰ্মপটুতাৰ বাবে ২০২০ চনত মুখ্য মন্ত্ৰীৰ আৰক্ষী পুৰস্কাৰ লাভ কৰা আনন্দ মিশ্ৰই ২০২১ চনত ফেইম ইণ্ডিয়া মেগাজিনৰ জৰীপত ৫০ জন জনপ্ৰিয় আৰক্ষী বিষয়াৰ তালিকাত অন্তৰ্ভূক্ত হৈছিল।
লগতে পঢ়ক – নামণি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন; ভাঙি পৰিল পাৱাৰ হাউচৰ ওপৰৰ বৃহৎ দেৱাল