গুৱাহাটী: অসম চৰকাৰে শনিবাৰে ৰাজ্যৰ প্ৰায় ২৩ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক ১১ টা বিভগত নিযুক্তি পত্ৰ প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ ১ লাখ কৰ্মসংস্থানৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আজি ২২,৯৫৮ গৰাকী যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

আজি খানাপাৰাত অনুষ্ঠিত বিশাল সভাত মুখ্য মন্ত্ৰীয়ে শীঘ্ৰে ৰাজ্যত পুনৰ ৭,০০০ৰ পৰা ৮,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ উপৰি অহা জুলাইৰ অন্তিম সপ্তাহত ২৬,০০০ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি মুখ্য মন্ত্ৰীয়ে জানিব দিয়ে।

আজি ৮,৮৬৭ গৰাকীয়ে গৃহ বিভাগত, ১১,০৬৩ গৰাকীয়ে শিক্ষা বিভাগত, ৩৩০ গৰাকীয়ে জন স্বাস্থ্য কাৰিকৰী বিভাগত, ১০৫ গৰাকীয়ে জল সম্পদ বিভাগত, ৬৯ গৰাকীয়ে সমাজ কল্যাণ বিভাগত, ২,৪১৯ গৰাকীয়ে স্বাস্থ্য বিভাগত, ৫৫ গৰাকীয়ে কৃষি বিভাগত, ২৩ গৰাকীয়ে পৰিৱেশ আৰু বন বিভাগত, ৮ গৰাকীয়ে গড়কাপ্তানি বিভাগত, ২ গৰাকীয়ে খনি আৰু খনিজ বিভাগত আৰু ১৭ গৰাকীয়ে শ্ৰম কল্যাণ বিভাগত নিযুক্তি পত্ৰ লাভ কৰে।

লগতে পঢ়ক – জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত ধুবুৰী তামাৰহাটৰ খণ্ড উন্নয়ন বিষয়া ভূপেন দাসক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply