নিউজ ডেস্ক: শাস্তি নহয়, কুখ্যাত ৰাকেশ পালৰ আমোলত ৰাজনৈতিক পৃষ্ঠপোষকতাত অনিয়মেৰে চাকৰি লাভ কৰা এপিএছ বিষয়াক স-সন্মানেৰে পুৰস্কৃতহে কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ আয়োগে দোষী সাব্যস্ত কৰা এপিএছ বিষয়াক দিছপুৰে পদোন্নতি দিবলৈ সাজু হোৱাৰ সন্দৰ্ভত ‘আমাৰ অসম’ৰ বিগত ৬ এপ্ৰিলৰ সংখ্যাৰ বাতৰিৰ যেন অৱশেষত সত্যতা প্ৰতীয়মান হ’ল৷

শনিবাৰে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক জাননীযোগে ১১জন দাগী এপিএছ বিষয়াক টাইম স্কেল দি পুৰস্কৃত কৰে৷ উল্লেখ্য, সংশ্লিষ্ট বিষয়াকেইজনে এপিছচিৰ ২০১৩ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তৰবহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতি কৰি বাছনি লাভ কৰিছিল৷

ইতিমধ্যে ৰাজ্য চৰকাৰক দাখিল কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মাৰ আয়োগে এই ১১জন ডিএছপিকে ধৰি মুঠ ১৭জন এপিএছ বিষয়াক দোষী সাব্যস্ত কৰিছিল৷ আয়োগে লগতে এচিএছ আৰু সংলগ্ন হোৱাৰ সৰ্বমুঠ ৩৪জন ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি পোহৰলৈ আনি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক পৰামৰ্শ দিছিল৷

আশ্চৰ্যজনকভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত পোহৰলৈ অহা এপিএছচি কেলেংকাৰিৰ তদন্ত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ৰহস্যজনকভাৱে স্থবিৰ হৈ পৰা বুলিও অভিযোগ উঠিছে৷ ইপিনে আয়োগৰ প্ৰতিবেদনৰ পাছতেই সংবাদ মাধ্যমত প্ৰকাশ পোৱা ধাৰাবাহিক বাতৰিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটে মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত এখন কমিটী গঠন কৰি ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ কাৰ্যকৰিতাৰ বিষয়টো পৰীক্ষা কৰাৰ দায়িত্ব দিছিল৷

তদুপৰি ২০১৩ বৰ্ষৰ সমগ্ৰ পৰীক্ষাটো গ্ৰহণযোগ্যতা নিৰুপন কৰিবলৈও কোৱা হৈছিল কমিটীক৷। দুমাহৰ ভিতৰত এই কমিটীক প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছিল যদিও কমিটীখনে কি পদক্ষেপ হাতত লৈছে সেয়া বৰ্তমানেও ৰাজহুৱা নহ’ল৷ অৱশ্যে ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ অধীনত থকা গৃহ বিভাগে শনিবাৰে এটা নিৰ্দেশনা জৰিয়তে এপিএছচিৰ কেলেংকাৰি বৰ্ষ হিচাপে পৰিচিত ২০১৩ বৰ্ষৰ ৩৬জন এপিএছ বিষয়াক টাইম স্কেল দি পুৰস্কৃত কৰে৷

আশ্চৰ্যজনকভাৱে এইসকল বিষয়াৰ ভিতৰত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত দোষী সাব্যস্ত হোৱা জালিয়াতিয়ে নিযুক্তি লাভ কৰা ১১জন এপিএছ বিষয়াও আছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত গ্ৰেপ্তাৰৰ পৰিৱৰ্তে পুৰস্কৃত হোৱা এইকেইজন সৌভাগ্যৱান এপিএছ বিষয়া হৈছে ক্ৰমে–ডিব্ৰুগড়ৰ ডিএছপি ঐশ্বৰ্য জীৱন বৰুৱা, কাছাৰৰ ডিএছপি কল্যাণ কুমাৰ দাস,  শদিয়াৰ ডিএছপি ছাহজাহান সৰকাৰ, এছ টি এফৰ ডিএছপি ঋতুৰাজ দলে, চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহঃ অধিনায়ক অমৃতৰাজ চৌধুৰী, মাইবঙৰ এছডিপিঅ’অনলজ্যোতি দাস, গোসাঁইগাঁৱৰ এছডিপিঅ’ নৱনীতা শৰ্মা, চতুৰ্থ আৰক্ষী বেটেলিয়নৰ সহঃ অধিনায়ক কুলপ্ৰদীপ ভট্টাচাৰ্য, সোণাপুৰৰ এচিপি সুকন্যা দাস আৰু কাহিলীপাৰাৰ বিশেষ শাখাৰ ডিএছপি ৰুমী তিমুংপি৷

অৱশ্যে এইকেইজন বিষয়াৰ উপৰি ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা আন এপিএছ বিষয়াকেইজন হৈছে স্বৰূপ কুমাৰ ভট্টাচাৰ্য, পুষ্কল গগৈ, অসীমা কলিতা, নীলাঞ্জল গগৈ, দীপাংকৰ দত্ত লহকৰ আৰু নিতুমণি দাস৷

অৱশ্যে ইয়াৰে স্বৰূপ কুমাৰ ভট্টাচাৰ্যই উক্ত বৰ্ষত চাকৰিত যোগদান কৰা নাছিল যদিও ইয়াৰ পাছৰ বৰ্ষত পুনৰ এপিএছচি পৰীক্ষাৰ সংলগ্ন হোৱাৰ বাছনি লাভ কৰিছিল৷ লক্ষণীয়ভাৱে আয়োগৰ প্ৰতিবেদনত উল্লেখ্য কৰা অনুসৰি এপিএছ বাছনি লাভ কৰা পুষ্কল গগৈ নামৰ বিষয়াজনে জেনেৰেল ষ্টাডিজত ১৩০ নম্বৰ লাভ কৰিছিল৷ কিন্তু ৰাকেশ পাল বাহিনীয়ে টেবুলেশ্বন শ্বীটত ৫০ নম্বৰ যোগ কৰি ১৮০ কৰিছিল৷ একেদৰে ইংৰাজী উত্তৰ বহীত ১৪৩ নম্বৰ লাভ কৰিছিল যদিও এই নম্বৰ ১৯৩ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ ৰাজনীতি বিজ্ঞানৰ প্ৰথম প্ৰশ্ন কাকতৰ উত্তৰ বহীত মাত্ৰ ৮০ নম্বৰ লাভ কৰিছিল পুষ্কলে৷ কিন্তু পাল বাহিনীয়ে এই নম্বৰ ১২০লৈ বৃদ্ধি কৰিছিল৷

আনহাতে ঋতুৰাজ দলে নামৰ প্ৰাৰ্থীজনে বুৰঞ্জীত ১৩০ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীটত ১৫০ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ একেদৰে এপিএছ সুকন্যা দাসৰ ৮খন উত্তৰ বহী লাভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছিল৷ অথচ এপিএছচিৰ মূল পৰীক্ষাত  মাত্ৰ ৬টা বিষয়ৰহে প্ৰশ্নোত্তৰ লিখিবলগা হৈছিল৷ অৰ্থাৎ দুখন জাল উত্তৰ বহী উদ্ধাৰ হৈছিল সুকন্যা দাসৰ৷ আনহাতে এপিএছ কল্যাণ কুমাৰ দাসৰ ২৭০ নম্বৰ বৃদ্ধি কৰিছিল টেবুলেশ্বন শ্বীটত৷ দাসে উত্তৰ বহীত ৫৮৬ নম্বৰ লাভ কৰিছিল যদিও পাল বাহিনীয়ে টেবুলেশ্বন শ্বীটত এই নম্বৰ ৮৫৬ লৈ বৃদ্ধি কৰিছিল৷

আনহাতে এপিএছ অমৃতৰাজ চৌধুৰীয়ে প্ৰকৃত নম্বৰ লাভ কৰিছিল ৭১৪৷ কিন্তু টেবুলেশ্বন শ্বীটত চৌধুৰীৰ নম্বৰ ৮৫৪ পোৱা দেখুওৱা হৈছিল৷ একেদৰে অনলজ্যোতি দাস, স্বৰূপ কুমাৰ ভট্টাচাৰ্য আৰু ফাৰুক আহমেদৰ টেবুলেশ্বন শ্বীটতো নম্বৰ বৃদ্ধি কৰা হৈছিল৷

ৰাকেশ পালে এনেদৰে নম্বৰ বৃদ্ধি কৰি এপিএছ পদত বাছনি কৰা এইসকল দাগী বিষয়াই এতিয়া গৃহ বিভাগক শুৱনি কৰি আছে৷ অৱশ্যে ইয়াৰ পূৰ্বেও ন্যায়িক আয়োগে জালিয়াতিৰে চাকৰি লাভ কৰা বুলি চিনাক্ত কৰা ৭জন এচিএছ বিষয়াক অতিৰিক্ত উপাযুক্ত পদলৈ পদোন্নতি দিছিল দিছপুৰে৷

বিগত ২ এপ্ৰিলত পদোন্নতি লাভ কৰা দাগী প্ৰশাসনিক বিষয়াকেইজন হৈছে– ধ্ৰুৱজ্যোতি হাতীবৰুৱা, আকাশী দুৱৰা, ত্ৰিদীপ ৰয়, জগদীশ ব্ৰহ্ম, নন্দিতা হাজৰিকা, ধীৰাজ কুমাৰ জৈন আৰু ডাঃ হীতেশ মজুমদাৰ৷

ইয়াৰোপৰি জালিয়াতিয়ে চাকৰি লাভ কৰাৰ পাছতো ৰাজকোষৰ পৰা নিয়মীয়াকৈ দা-দৰমহা তথা সা-সুবিধা ভোগ কৰি অহা আনকেইজন দোষী সাব্যস্ত হোৱা ৰাজপত্ৰিত বিষয়া হৈছে– বিক্ৰমাদিত্য বৰা, সৌৰভ প্ৰাণ শৰ্মা, বিকাশ শৰ্মা, বৰকিৰি তেৰাং, জয়ন্ত দলে, গীতাৰ্থ বৰুৱা, ৰাকেশ দাস আৰু প্ৰিয়ংকা ডেকা৷

আশ্চৰ্যজনক বিষয়টো হৈছে এইসকল দুৰ্নীতিগ্ৰস্ত ৰাজপত্ৰিত বিষয়াই চাকৰি কৰি থাকিবলৈ সক্ষম হ’লেও, একে দুৰ্নীতিয়ে ২০১৩ বৰ্ষত চাকৰি লোৱা একাংশই গ্ৰেপ্তাৰ হোৱাৰ লগতে চাকৰিৰ পৰা খেদা খাব লগাও হ’ল৷

এপিএছচিৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ এডমিন মানস প্ৰতীম বৰুৱা আৰু আৰ টি আই কৰ্মী তথা প্ৰশিক্ষক ওক্ৰাম প্ৰশান্ত সিংহই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ‘খোনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে’ নীতি লোৱা বুলিও অভিযোগ কৰিছে৷

মুখ্য সচিব জিষ্ণু বৰুৱা কমিটীক ২০১৩ বৰ্ষৰ পৰীক্ষাৰ গ্ৰহণযোগ্যতা নিৰূপন কৰিবলৈ দিয়াৰ পাছতো কিয় ততাতৈয়াকৈ উক্ত বৰ্ষৰ বিষয়াসকলক পদোন্নতি তথা পুৰস্কৃত কৰা হৈছে তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে৷

লগতে পঢ়ক – মেগা পাৰ্ছেজ! ৩০০ বিমান ক্ৰয়ৰ কথা বিবেচনা এয়াৰ ইণ্ডিয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply