নিউজ ডেস্ক: উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰিল চৰকাৰী কৰ্মচাৰী। এইবাৰ ৰাজ্যত পুনৰ এজন চৰকাৰী কৰ্মচাৰী উৎকোচ লৈ ৰঙা ঘৰৰ আলহী হ’বলগীয়া হ’ল।

হাইলাকান্দিত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ভূমি বন্দোবস্তি কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী।

ধৃত কৰ্মচাৰীজনক ভূমি বন্দোবস্তি কাৰ্যালয়ৰ সহকাৰী উৎপল কুমাৰ নাথ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে ভূমি প্ৰমাণপত্ৰৰ কামৰ বাবদ দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰকৰ শাখাৰ দলে নাথক হাতে-লোটে ধৰা পেলায়।

উল্লেখ্য যে, ৰাজ্যত যোৱা সময়ছোৱাত উৎকোচ গ্ৰহণ কৰি এজনৰ পিছত আনজন চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰি আহিছে। যোৱা দুমাহত ঘোচ লোৱাৰ বাবে ২৭ জন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়ক – ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ পি এফ আই, ৮ সহযোগী সংগঠন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply