গুৱাহাটী: ৰাজ্যত বনকৰা মানুহসকলৰ বাবে এখন নতুন আইন প্ৰৱৰ্তন কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে অসম চৰকাৰে। সোমবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।
সদনত চৰকাৰৰ নতুন সিদ্ধান্তৰ কথা অৱগত কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘’আমাৰ চৰকাৰে শীঘ্ৰেই ঘৰুৱা কাম-কাজ কৰিবলৈ নিযুক্ত ঘৰুৱা বনকৰা মানুহবোৰৰ বাবে এখন নতুন আইন প্ৰৱৰ্তন কৰিব।”
ইয়াৰ উপৰিও ঘৰুৱা কাম কৰিবলৈ বহুতে ঘৰত ৰখা বনকৰা শিশুৰ ক্ষেত্ৰটো চৰকাৰে দৃষ্টি ৰাখিছে বুলি মুখ্য মন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে।
বিধায়ক দিগন্ত কলিতাই উত্থাপন কৰা শিশু আৰু মহিলা সৰবৰাহ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰী কয় যে এতিয়াৰে পৰা ঘৰলৈ বনকৰা ল’ৰা-ছোৱালী অনাৰ পূৰ্বে গৃহস্থই তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব লাগিব।
ইয়াৰ উপৰি ঘৰত বনকৰা ল’ৰা-ছোৱালী ৰাখিলে তেওঁলোকৰ পঢ়া-শুনাৰ দায়িত্ব ল’ব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে সদনক জানিবলৈ দিয়ে।
এই সন্দৰ্ভত মুখ্য মন্ত্ৰীক উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান দৈনিক জনমভূমিয়ে কয়, “ঘৰুৱা কাম কৰিবলৈ বহুতো জনজাতীয় শিশুক নিয়োগ কৰা হয়। এইটো চৰকাৰে লক্ষ্য কৰি আছে। যদি নিয়োগকৰ্তাই শিশুসকলক ঘৰুৱা কামত ব্যৱহাৰ কৰি আছে তেন্তে তেওঁলোকে এই বিষয়ে আৰক্ষীক জনাব লাগিব। আইন অনুসৰি, গৃহস্থই তেওঁলোকৰ ঘৰত নিয়োগ কৰা বনকৰা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব লাগিব। বনকৰা শিশুৰ পিতৃ-মাতৃয়ে তেওঁলোকক কাম কৰিবলৈ অনুমতি দিলেও নিয়োগ কৰা গৃহস্থই এই দায়িত্ব পালন কৰিব লাগিব।”