নিউজ ডেস্ক : পোন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা ঘোষণা কৰিছে।
২০২১ চনৰ বাবে সামাজিক সংগঠন কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ অসম শাখাক এই বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
কস্তুৰবা গান্ধী স্মাৰক ট্ৰাষ্টৰ উপৰি জাৰ্মানীত থকা অসমীয়া সাহিত্যিক ড০ নিৰোদ কুমাৰ বৰুৱা আৰু শ্বিলঙৰ চেম্বাৰ কেয়াৰক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে।
অহা ৩ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব এক বিশেষ অনুষ্ঠান দেশৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব।
এই বঁটাৰ সৈতে থাকিব ৫ লাখ টকা, প্ৰশস্তি পত্ৰ আৰু অংগবস্ত্ৰ।
লগতে পঢ়ক : আজি কংগ্ৰেছত যোগদান কৰিব দুই যুৱ নেতা কানহাইয়া কুমাৰ আৰু জিগনেছ মেৱানী