কেবিনেট বৈঠক

গুৱাহাটী : বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়। ফাষ্ট ট্ৰেক আদালতত নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ কৰা হ’ব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

কেবিনেট বৈঠকত স্পেচিল ডিজি জি পি সিঙক নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়। ইফালে শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ কাইলৈৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব। শিক্ষানুষ্ঠানত হ’ব ভেকচিনৰ বিশেষ শিবিৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় কেবিনেটত।

ক’ভিডসৃষ্ট পৰিৱেশৰ ফলত বন্ধ হৈ থকা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান ১ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰা হয়। কেবিনেট বৈঠকৰ পিছত মন্ত্ৰী কেশৱ মহন্ত, ৰণোজ পেগু আৰু ৰণজিত কুমাৰ দাসে সংবাদ মেলত হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব, কিন্তু আৱাসী-নিৱাসীসকলৰ ডাৱল ভেকচিন বাধ্যতামূলক বুলি ঘোষণা কৰে।

৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে বিশেষ এছ অ’ পি ঘোষণা কৰিব। শ্ৰেণীলৈ আহিবলৈ প্ৰথম পালি ভেকছিন বাধ্যতামূলক বুলিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি সিদ্ধান্ত কেবিনেটৰ। ৰাষ্ট্ৰীয় খেল, এচিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনজোৰা পেঞ্চনৰ সিদ্ধান্তও কেবিনেটত গ্ৰহণ কৰা হয়।

জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান, তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ’ব এই ৰদ-বদল। চাইঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ নতুন নামাকৰণ চাইঞ্চ, টেকন’ল’জি এণ্ড ক্লাইমেট চেঞ্জ। বিটিএডিত হোৱা বান পৰিস্থিতি বুজ ল’বলৈ যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক শুকুৰবাৰে বিটিএডিলৈ যোৱাৰ নিৰ্দেশ কেবিনেটৰ।

লগতে পঢ়ক : কেবিনেটত সিদ্ধান্ত নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ হ’ব ফাষ্টট্ৰেক কৰ্টত

লোক নিৰ্মাণ বিভাগৰ চাৰ্কল অ’ফিচ ৫ টাৰ পৰা ১৩ টালৈ বৃদ্ধি, ডিভিজন অ’ফিচ ১৭ ৰ পৰা ৩৭ টা লৈ বৃদ্ধি, চাব ডিভিজন অ’ফিচ ৪৯ ৰ পৰা ৭৭ টালৈ বৃদ্ধি, বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪ টা কাৰিকৰী নতুন পদ সৃষ্টি। ইয়াৰ উপৰিও নন-টেকনিকেল পদো ভালেখিনি সৃষ্টি হ’ব। মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩ টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত কেবিনেটৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply