মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি সম্পূৰ্ণ কৰিলে এমাহৰ কাৰ্যকাল । এই উপলক্ষে আয়োজিত সংবাদমেলত চৰকাৰ খনে লব লগা বিভিন্ন আচঁনি সম্পৰ্কে বাখ্যা আগবঢ়াই ।

শিশু সেৱা আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। এই আচঁনিৰ অনুসৰি কোভিডত অনাথ হোৱা প্ৰত্যেকগৰাকী শিশুৱে মাহিলী লাভ কৰিব ৩৫০০টকাকৈ। আজিৰ দিনটোত ১১গৰাকী শিশুক এই সাহায্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে। ৭লাখ ৮১হাজাৰ টকা ফিক্স ডিপজিট কৰিলে অসম চৰকাৰৰ তৰফৰ পৰা।

কোভিডত স্বামী মৃত্যু হলে পত্নীয়ে পাব ২.৫লাখ টকাৰ এককালীন সাহায্য। বিধৱা পেঞ্চনো লাভ কৰিব এইসকল মহিলাই। অৰণোদয় আচনিৰ সুবিধাও লাভ কৰিব তেঁওলোকে। সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

ক’ভিডত পিতৃ-মাতৃক হেৰুৱা শিশুক আৰ্থিক সাহায্য চৰকাৰৰ। চেক প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।আজিৰ দিনটোত ১১ গৰাকী শিশুক এই সাহাৰ্য আগবঢ়াই ।২৪ বছৰলৈ এই শিশুসকলে এই ধনৰাশী লাভ কৰিব । তাৰ পিছত তেওলোকে মুল ধনৰাশী লাভ কৰিব।

বিগত দিনকেইটাত প্ৰায় ২৪কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। ৫০০লোকক গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত।
কোৰোনাকেন্দ্ৰিক পৰিস্থিতি আৰু স্বাস্থ্যখণ্ডৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ। ৰাজ্যত স্থাপন কৰা হব ৭টা ফৰেনচিক লেবৰটৰী।
ভেকচিনাইশ্যন প্ৰক্ৰিয়াও দ্ৰুতগতিত চলি আছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। ৪৫লাখ লোকক প্ৰদান কৰা হৈছে ভেকচিন। ১জুলাইৰ পৰা প্ৰতিদিনে ৩.৫০লাখ ভেকচিন পাব অসমে।
চাহ শ্ৰমিকৰ মজুৰি ৩৮টকাকৈ বৃদ্ধি কৰা হল। লগতে ৩৬০খন আই চি ইউ বেড স্থাপন কৰা হল। শিশুসকলৰ বাবে ১০০০খন icu কক্ষ স্থাপন কৰা হব।
১১৪কোটি টকা সংগ্ৰহ হৈছে মুখ্যমন্ত্ৰী সাহায্য পুজিঁত। টাটা আৰু ৰিলায়েন্সে প্ৰদান কৰিছে ১৫-১৫কোটিকৈ।
এতিয়াৰে পৰা বৃদ্ধ, বিধৱা পেঞ্চন মাহৰ ১০তাৰিখে পাব হিতাধিকাৰীয়ে।
নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত পৰ্যায়ক্ৰমে কাম কৰিবলৈ কমিটি গঠন কৰা হৈছে।
অহা ১৫জুনৰ পৰা জিলাভিত্তিক কোভিড গাইডলাইন কিছু শিথিল কৰা হব। জুনমাহতে কোভিডৰ পৰা কিছু পৰিত্ৰাণ পোৱাৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply