গুৱাহাটী : কিছুদিন পূৰ্বে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ক বিগত জুন মাহত ৫০০ কোটি টকাতকৈ অধিক পৰিমাণৰ বকেয়া মাচুল সংগ্ৰহ কৰাৰ বাবে যথেষ্ট প্ৰশংসা কৰিছিল। অলপতে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এ পি ডি চি এলে বিদ্যুৎ চুৰি ৰোধ আৰু অনাদায় বিলৰ ধন সংগ্ৰহৰ উদ্দেশ্যে ব্যাপক অভিযান আৰম্ভ কৰা বুলি দাবী কৰিছিল।
অনাদায় বিলৰ ধন সংগ্ৰহৰ বাবে বিদ্যুৎ বিভাগ তৎপৰ হৈ উঠাৰ সময়তে খোদ ৰাজ্য চৰকাৰৰ অধীনৰ কেইবাটাও বিভাগে এ পি ডি চি এলক বহু কোটি টকাৰ বিল পৰিশোধ কৰা নাই। যোৱা ৩ বছৰে বিভিন্ন বিভাগত অনাদায় হৈ থকা বিলৰ পৰিমাণ ৯৫ কোটি টকাৰো অধিক হ’ব। সেই হিচাপত বিল পৰিশোধ নকৰাৰ ক্ষেত্ৰত খোদ ৰাজ্য চৰকাৰেই হৈছে প্ৰধান ডিফল্টাৰ।
গতিকে প্ৰশ্ন উঠিব যে, বিল পৰিশোধ নকৰা ব্যক্তিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰা এ পি ডি চি এলে এতিয়া ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিৰুদ্ধে সমানেই কঠোৰতা অৱলম্বন কৰিবনে?
ৰাজ্য চৰকাৰে বিদ্যৎ বিভাগক দিবলৈ থকা অনাদায় বিলৰ এখন ডকুমেণ্ট ইষ্টম’জ’ৰ হাতত পৰিছে। উক্ত ডকুমেণ্টৰ মতে, বিভিন্ন বিভাগে আদায় কৰিবলৈ থকা বিলৰ পৰিমাণ হৈছে এনেধৰণৰ –
বিভাগ অনাদায় বিলৰ পৰিমাণ (প্ৰায়)
জনস্বাস্থ্য কাৰিকৰী বিভাগ ২৬ কোটি টকা
স্বাস্থ্য বিভাগ ১১.৭ কোটি টকা
শিক্ষা বিভাগ ৭ কোটি টকা
জলসিঞ্চন বিভাগ ৬.৩ কোটি টকা
গৃহ বিভাগ ৫.৫ কোটি টকা
বন বিভাগ ৪.৯৪ কোটি টকা
গড়কাপ্তানি বিভাগ ৪.২ কোটি টকা
লগতে পঢ়ক : অহা দুবছৰৰ ভিতৰত ৰাইজৰ দল অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক শক্তি হৈ উঠিব : অখিল গগৈ
ইয়াৰ উপৰি পশুপালন আৰু পশু চিকিৎসা, কৃষি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ লগতে ন্যায়পালিকাসমূহে ২ কোটিকৈ টকাৰ বিদ্যুৎ মাচুল আদায় কৰিবলৈ আছে।
আনহাতে যোৱা ২ জুলাইত সংবাদমেল অনুষ্ঠিত উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কার্যালয়ে বিদ্যুৎ বিভাগক দিবলৈ আছে ৩.৭ কোটি টকাৰ মাচুল। তদুপৰি ৰাজ্যৰ জিলা উপায়ুক্ত কাৰ্য্যালয় আৰু মহকুমা বিষয়াৰ কাৰ্য্যালয় সমূহৰ অনাদায় মাচুলৰ পৰিমাণ ৫.২ কোটি টকা আৰু খণ্ড উন্নয়ন কাৰ্য্যালয়সমূহৰ অনাদায় মাচুলৰ পৰিমাণ ২ কোটি টকা।
নাম প্ৰকাশত অনিচ্ছুক এ পি ডি চি এলৰ এগৰাকী বিষয়াই ইষ্টম’জ’ক কয়, ‘আমি ডিফল্টাৰ (বিল পৰিশোধ নকৰা) বিভাগসমূহলৈ কেইবাবাৰো জাননী তথা ৰিমাইণ্ডাৰ প্ৰেৰণ কৰিছো কিন্তু এতিয়াও এক বৃহৎ পৰিমাণৰ ধন অনাদায় হৈ আছে। কিছুমান বিভাগত যোৱা দুই তিনি বছৰ ধৰি মাচুল পৰিশোধ কৰা নাই।’
আন এগৰাকী বিষয়াই কয়, ‘চৰকাৰী বিভাগ সমূহে এতিয়া মাচুল পৰিশোধ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে, কিছুমান বিভাগে যদি মাচুল আদায় নকৰে তেন্তে আমি তেওঁলোকৰ বিদ্যুৎ সংযোগ কাটিবলৈ বাধ্য হ’ম।’
উল্লেখযোগ্য যে ৰাজ্য সকলো চৰকাৰী বিভাগ, ব্যৱসায়িক প্ৰতিষ্ঠান, ব্যক্তিগত গ্ৰাহকৰ পৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে পাবলৈ থকা অনাদায় মাচুলৰ পৰিমাণ ২,৩০০ কোটি টকাতকৈ অধিক। প্ৰতি মাহে এ পি ডি চি এলে বিদ্যুৎ চুৰি আৰু মাচুল পৰিশোধ নকৰাৰ ফলত ৩০০ কোটি টকা হেৰোৱাব লগা হয়।
বিগত সময়ছোৱাত বিদ্যুৎ চুৰিৰ বিৰুদ্ধে অভিযান চলাই বিদ্যুৎ বিভাগে ১,৪১৯ টা এনে ঘটনা ধৰা পেলোৱাৰ লগতে বুজন পৰিমাণৰ জৰিমণা বিহিছে।
শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলত গৃহ, শক্তি বিভাগৰ প্রধান সচিব নিৰজ বার্মাই জানিবলৈ দিয়া মতে জুন মাহত এ পি ডি চি এলে ৫০২ কোটি টকা মাচুল সংগ্রহ কৰিবলৈ সক্ষম হৈছে আৰু ২২০ কোটি টকাৰ মাচুল এতিয়াও অনাদায় হৈ আছে।
ইংৰাজীত পঢ়ক : Assam: Government departments owe over Rs 95 crore to APDCL