গুৱাহাটীঃ বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমগ্ৰ অসমৰ ২২,৬০১ গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আগবঢ়ায়। এই বঁটাত আছে ১৬,০০০ টকা এককালীন সাহাৰ্য্য।

শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে ইয়াত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “শিক্ষাৰ্থীসকলক শৈক্ষিক উৎকৰ্ষতা বৃদ্ধি কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই বঁটা ৰাজ্য চৰকাৰৰ এক উচ্চাভিলাষী আঁচনি।”

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি কয়, “হাইস্কুল শিক্ষান্ত পৰীক্ষা,২০২২ত ৭৫ শতাংশ আৰু অধিক নম্বৰ লাভ কৰা মেধাৱী শিক্ষাৰ্থীসকলক এই বঁটাৰে সম্বৰ্ধনা জনাই সুখী।”

ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যৰ ২২,৬০১ জন শিক্ষাৰ্থীক ১৬,০০০ টকা প্ৰদান কৰিছে। আঁচনিখনৰ অধীনত বিতৰণ কৰা মুঠ ধনৰ পৰিমাণ হৈছে ৩৬ কোটি টকা।

উল্লেখ্য যে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত আছিল শিক্ষামন্ত্ৰী ৰনোজ পেগু, ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্তকে ধৰি কেইবাগৰাকীয়ো অন্যান্য জ্যেষ্ঠ বিষয়া।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply