নিউজ ডেস্ক : এছিয়ান গে’মছ স্বৰ্ণ অৰ্জন কৰা প্ৰথমজন অসমীয়া অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক ৰাজ্য চৰকাৰে আজি ‘ৰাজ্যিক ক্রীড়া দিৱস’ হিচাপে উদযাপন কৰে।

এই উপলক্ষে আজি গুৱাহাটীৰ কলাক্ষেত্ৰত চৰকাৰে কেন্দ্ৰীয়ভাৱে অৰ্জুন বঁটা বিজয়ী দৌৰবিদ গৰাকীৰ জন্মদিন উদযাপন কৰে। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগতে টুইটাৰ যোগে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোগেশ্বৰ বৰুৱাক জন্মদিনৰ শুভেচ্ছা জনায়।

তদুপৰি অনুষ্ঠানৰ পূৰ্বে দৌৰবিদ গৰাকীৰ প্ৰতি সন্মান জনাই গণেশগুৰিৰ ফ্লাইঅভাৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ গোটেই পথছোৱাত তেওঁৰ ফটো সম্বলিত বেনাৰ অঁৰা হৈছিল।

ৰাজ্যিক ক্রীড়া দিৱস তথা ক্ৰীড়া পেঞ্চন দিৱস হিচাপে কলাক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ মুখ্য মন্ত্ৰীয়ে এতিয়াৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰৰ দিনটোত ক্ৰীড়া পেঞ্চন দিয়াৰ লগতে যিসকল ক্ৰীড়াবিদে নিযুক্তি পাব তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ৯৯ গৰাকী খেলুৱৈক মাহিলী ১০ হাজাৰ টকাকৈ ক্ৰীড়া পেঞ্চন আৰু ১৫৬ গৰাকী খেলুৱৈক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়ায়।

ইয়াৰ উপৰি আজিৰ অনুষ্ঠানতে পূৰ্বতে ঘোষণা কৰা অনুসৰি বক্সাৰ যমুনা বড়ো আৰু আৰ্ছাৰী খেলুৱৈ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শকৰূপে নিযুক্তি পত্ৰ দিয়ে মুখ্যমন্ত্ৰীয়ে।

আনহাতে আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মহানগৰীত অঁৰা বেনাৰ সমূহত অসমৰ প্ৰথমজন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে ৰাজ্যখনৰ কেইবা গৰাকী ক্ৰীড়াবিদৰ নামে স্থান পাইছে যদিও এইসকলৰ ভিতৰত দেশৰ হৈ দুবাৰকৈ অলিম্পিকত প্ৰতিনিধিত্ব কৰা শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্যৰ এখনো বেনাৰ ছপা নোহোৱাত একাংশই আচৰ্য্য প্ৰকাশ কৰিছে।

লগতে পঢ়ক : পেৰালিম্পিকত অৱনীৰ দ্বিতীয়টো পদক প্ৰবীন কুমাৰৰ হাইজাম্পত ৰূপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply