শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু

নিউজ ডেস্ক : ৰাজ্যৰ একাংশ টেট উত্তীৰ্ণ শিক্ষকৰ বিৰুদ্ধে দুটাকৈ দৰমহা লৈ থকাৰ অভিযোগ। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়া মতে ৭০ গৰাকীৰ শিক্ষকে দুটা দৰমহা আদায় কৰি থকা বুলি ট্ৰেজাৰী কাৰ্য্যালায়ত ধৰা পৰিছে।

অভিযুক্ত শিক্ষকসকলক মাধ্যমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়লৈ তলব কৰা হয় বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে মাধ্যমিক শিক্ষা সঞ্চালকে জাৰি কৰা নিৰ্দেশনা মৰ্মে বৰপেটাৰ ৭ গৰাকী ঠিকাভিত্তিক শিক্ষক, বঙাইগাঁওৰ ৩, কাছাৰৰ ৬ , দৰঙৰ ২, ধেমাজিৰ এজন শিক্ষক, ডিব্ৰুগড়ৰ ৪ শিক্ষক, ডিমা হাছাওৰ ৩ শিক্ষক, গোৱালপাৰা ৯ শিক্ষক, গোলাঘাটৰ এজন শিক্ষক, যোৰহাটৰ ৮ শিক্ষক, কামৰূপ মহানগৰ জিলাৰ এগৰাকী শিক্ষয়িত্ৰী, কাৰ্বি আংলঙৰ ৪ শিক্ষক, কৰিমগঞ্জৰ এজন শিক্ষকক, লখিমপুৰ জিলাৰ ২ শিক্ষক , নগাঁওৰ ৫ শিক্ষক, নলবাৰীৰ এগৰাকী শিক্ষয়িত্ৰী, শিৱসাগৰৰ ৪ শিক্ষক, শোণিতপুৰৰ ৫ শিক্ষক, তিনিচুকীয়াৰ এজন আৰু কামৰূপৰ ২ শিক্ষকক জাননী দিয়া হয়।

সংশ্লিষ্ট জিলাৰ স্কুলসমূহৰ পৰিদৰ্শকৰ জৰিয়তে জাননী লাভ কৰা ৭০ গৰাকী শিক্ষকক সকলো নথি পত্ৰ প্ৰদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰী ৰণোজ পেগুৱে জনাই যে যদি কোনো শিক্ষকৰ ক্ষেত্ৰত খেলি মেলি ধৰা পৰে তেন্তে তেওঁ নীতিবহিৰ্ভূতভাৱে গ্ৰহণ কৰা দৰমহাৰ ধন ওভতাই দিয়াৰ উপৰি তেওঁৰ ওপৰত বিভাগীয় বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আনহাতে ৰাজ্যৰ শিক্ষা বিভাগে আজি শিক্ষকৰ বদলিকৰণৰ উদ্দেশ্য এক পৰ্টেল মুকলি কৰে। এই কথা সদৰী কৰি শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে কয় যে এতিয়াৰ পৰা শিক্ষকসকলে বদলিকৰণৰ বাবে উক্ত পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব।

অহা ১০ ডিচেম্বৰৰ ভিতৰত শিক্ষকসকলে উক্ত পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব বুলি উল্লেখ কৰি এতিয়াৰ পৰা শিক্ষা বিভাগৰ কামৰ বাবে কাহিলিপাৰালৈ যাব নালাগে বুলি পেগুৱে কয়।

লগতে পঢ়ক : কল খেতিৰ জৰিয়তে বহু টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী শিক্ষিত কৃষক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply