গোৱালপাৰা ঃ অৱশেষত ছীল কৰা হ’ল বিতৰ্কিত মিঞা মিউজিয়াম। মুকলি হোৱাৰ দুদিনৰ পিছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গোৱালপাৰা জিলা প্ৰশাসনৰ হৈ লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈয়ে উক্ত বিতৰ্কিত মিঞা মিউজিয়ামটো আজি ছীল কৰি দিয়ে।
অসম-মিঞা (অসমীয়া) পৰিষদে যোৱা ২৩ অক্টোবৰত লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দাপকাৰ ভিটা গাঁৱস্থ আলী কমপ্লেক্সত উদ্বোধন কৰিছিল মিঞা মিউজিয়ামটো। মিউজিয়ামটো স্থাপন কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্রিয়াৰ। জানিব পৰা মতে মিউজিয়াম গৃহটো প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনৰ আছিল।
আজি মিঞা সংগ্ৰহালয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘সংগ্ৰহালয়টোত তেওঁলোকে যি নাঙল ৰাখিছে, সেই নাঙল অসমীয়া মানুহে ব্যৱহাৰ কৰে, আনকি মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও অসমীয়া সমাজৰ অংগ বুলি অভিহিত কৰে ৷’
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে মিঞা সংগ্ৰহালয় স্থাপনৰ বাবে ব্যৱহৃত পুঁজিৰ উৎস আৰক্ষীয়ে অনুসন্ধান কৰিব। কিছুদিন পিছতেই সংগ্ৰাহলয়টো স্থাপনৰ পুঁজিৰ তদন্ত আৰম্ভ কৰা হ’ব। মিঞা সংগ্ৰহালয়টো স্থাপনৰ সৈতে জড়িত সকল তদন্তৰ আওতালৈ আহিব।