হোজাইত একাংশ উন্মুক্ত লোকৰ আক্ৰমণৰ বলি হোৱা চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত গৈ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰে।

মুখ্য মন্ত্ৰীজনে ডাঃ সেনাপতিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সুস্থ হৈ উঠাৰ পাছত তেওঁ যিখন চিকিৎসালয়ত কাম কৰিব বিচাৰে তাতেই সেৱা আগবঢ়াব পাৰিব বুলি চিকিৎসক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালক আশ্বাস দিয়ে।

অসম চৰকাৰে এই মহামাৰীৰ সময়ত নিস্বাৰ্থ সেৱা আগবঢ়াই অহা চিকিৎসক তথা চিকিৎসাকৰ্মী সকলৰ কাষত সদায় থিয় দিব বুলি উল্লেখ কৰি চিকিৎসা কৰ্মীৰ নিগ্ৰহৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰা হ’ব বুলি কয়।

উল্লেখযোগ্য যে যোৱা ১ জুনত হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ কনিষ্ঠ চিকিৎসকক গৰাকীক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ আত্মীয়সহ একাংশ লোকে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

অসম আৰক্ষীয়ে যোৱা বুধবাৰে উক্ত ঘটনাৰ সৈতে জড়িত ২৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক : চিকিৎসক আক্ৰমণ কাণ্ড : ৪ সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply