নিউজ ডেস্কঃ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ বঁটা’ এই বৰ্ষত অসম চৰকাৰে বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ আগবঢ়াইছে।
প্ৰতিবছৰে ২ডিচেম্বৰত এই বটাঁ প্ৰদান কৰা হয় যদিও এইবৰ্ষত ২৪ জানুৱাৰীত প্ৰদান কৰা হ’ব এই বঁটা। শনিবাৰে মুখ্যমন্ত্ৰীয়ে এক সংবাদমেল যোগে এই বঁটা ঘোষণা কৰে।
সংবাদমেলত তেওঁ কয় যে ভাৰত ৰত্ন বটাঁ প্ৰদান অনুষ্ঠানৰ দৰে অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ‘অসম বৈভৱ’ বঁটা লাভ কৰা ব্যক্তি গৰাকী হৈছে বিশিষ্ট উদ্যোগপতি ৰতন টাটা। ‘অসম বৈভৱ ‘বঁটাত থাকিব নগদ ৫ লাখ টকা আৰু বছৰি ২ লাখ টকাৰ চিকিৎসাৰ ব্যৱস্থা ।
অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম সৌৰভ’ বঁটা’। এই বৰ্ষত বিভিন্ন ক্ষেত্ৰৰ ৫ গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে এই বঁটা। ‘অসম সৌৰভ বঁটা’ আগবঢ়োৱা হৈছে শিক্ষাক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কটন কলেজৰ প্ৰাক্তন অধ্যাপক প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰোৰী, তেজপুৰৰ সন্তান তথা নৰ্থ ৱেষ্টান ইউনিভাৰচিটিৰ ডীন প্ৰফেচাৰ ডঃ দীপক চান্দ জৈন, কোৰোনাকেন্দ্ৰিক পৰিস্থিতিত নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি কোৰোনাৰ সৈতে যুঁজ দিয়া এন এইচ এমৰ সঞ্চালক ডা° লক্ষ্মনন এছৰ লগতে বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু অলিম্পিকত পদক কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক । এই বঁটাত থাকিব ৪ লাখ টকাৰ লগতে ৩ লাখ টকাৰ চিকিৎসা ব্যৱস্থা ।
লগতে পঢ়কঃবাক্সাৰ গোৰেশ্বৰত বাক্সা জিলা পৰিবহন বিষয়াৰ আকস্মিক অভিযান
আনহাতে ‘অসম গৌৰৱ’ বঁটা আগবঢ়োৱা হৈছে মুনীন্দ্ৰ নাথ নাতে, ডাঃ বসন্ত হাজৰিকা ,আকাশজ্যোতি গগৈ,মনোজ কুমাৰ বসুমতাৰী, খৰছিং টেৰণ, ববী হাজৰিকা, হেমপ্ৰভা চুতীয়া, নমিতা কলিতা, বনীতা মমিন, ধৰণীধৰ বড়ো, কৌশিক বৰুৱা, কল্পনা বড়ো, ডা° আছিফ ইকবাললৈ।
‘অসম গৌৰৱ বঁটা’ প্ৰাপক সকলক নগদ ৩ লাখ টকাৰে সন্মানিত কৰাৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত ৩ লাখ টকা ব্যয় কৰিব চৰকাৰে।