গুৱাহাটী – সমাজ যেতিয়া সহনশীল নহয়, সমাজে যেতিয়া সমাজৰ নিয়মবোৰ ভংগ কৰি থাকে, তেতিয়া ন্যায়পালিকা ভাৰাক্ৰান্ত  হয়৷ আৰু ন্যায়পালিকা যেতিয়া ভাৰাক্ৰান্ত হয়, তেতিয়া সমাজত ন্যায়ৰ আশাত ৰৈ থকা লোকসকল আটাইতকৈ ক্ষতিগ্ৰস্ত হয়৷ ন্যায়পালিকাক আমি সিমানেই দায়িত্ব দিব লাগে, যিখিনি সমাজত আইন  ৰূপায়ণৰ বাবে প্ৰয়োজনীয়৷ –এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷

কালি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ নতুন ভৱন উদ্বোধন কৰি কয় যে বিগত সময়ছোৱাত ভাৰতীয় ন্যায়পালিকাই বহু টেকন’লজি ব্যৱহাৰ কৰি আদালতত বিচাৰাধীন গোচৰসমূহ মীমাংসাৰ চেষ্টা কৰিছে৷ অহা ১৫ দিনৰ ভিতৰত আমি এটা লিটিগেশ্যন পলিচি আনি আছোঁ৷

উল্লেখ্য যে চৰকাৰে তিনি বছৰৰ তলৰ যিমান গোচৰ আছে, সেইবোৰ প্ৰত্যাহাৰ কৰিবৰ বাবে আদালতক অনুৰোধ জনাব৷ আৰু ইয়াৰ ফলত ৮৬ হাজাৰ গোচৰৰ বোজা কমিব। নিম্ন আদালত যেতিয়া শক্তিশালী হ’ব, তেতিয়া ধৰ্ষণ বা হত্যাৰ গোচৰত অভিযুক্তই আদালতৰ পৰা এটা দিনো ল’ব নোৱৰাৰ ব্যৱস্থা কৰিব পৰা যাব আৰু এইক্ষেত্ৰত চৰকাৰৰ যিখিনি দায়িত্ব, সেইখিনি পালনৰ চেষ্টা কৰিম বুলিও তেওঁ কয়৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই কালি বৰপেটাৰ ন্যায়িক আদালতৰ নতুন ভৱনটো উদ্বোধন কৰে৷

২০১৫ চনত ৩৮.৬৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ আৰম্ভ কৰা ব্লক ৱান আৰু ব্লক টু পৰ্যায়ৰ দুয়োটা আদালত ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পাছত কালি আদালত ভৱনটোৰ শুভ উদ্বোধন কৰা হয়৷ অত্যাধুনিক সা-সুবিধাযুক্ত আৰু শীত-তাপ নিয়ন্ত্ৰিত ভৱনটোত ১৭খন আদালত স্থাপনৰ সুবিধা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply