মহিলা সবলীকৰণৰ বাবে ৰাজ্য চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আঁচনিখন ১ এপ্ৰিল,অৰ্থাৎ আজিৰে পৰা ‘অৰুন্ধতী স্বৰ্ণ আঁচনি’খন বন্ধ কৰে ৷

ৰাজ্য চৰকাৰে ২০১৯-২০ বিত্তীয় বৰ্ষত ‘অৰুন্ধতী স্বৰ্ণ আঁচনি” প্ৰৱৰ্তন কৰিছিল ৷ ২০২০ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেই সময়ৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহনৰ উপস্থিতিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।

অৰুন্ধতী স্বৰ্ণ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা (পঞ্জীয়ন) বিভাগে মুখ্য বিভাগ হিচাপে ভূমিকা প্ৰদান কৰিছিল ৷ এই আঁ‌চনিৰ জৰিয়তে বিবাহিত দম্পতীলৈ চৰকাৰে সোণ ক্ৰয় কৰিবলৈ ৪০ হাজাৰ টকাৰ অনুদান আগবঢ়াইছিল।

বিগত ২৭ ফেব্ৰুৱাৰীত চৰকাৰী এক অধিসূচনা জৰিয়তে এই আঁচনিখন বন্ধ কৰাৰ ঘোষণা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply