নিউজ ডেস্কঃ ৪২ লাখ মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি অসমে স্থান লাভ কৰিছে গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডত।
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে অসম চৰকাৰে বিগত বছৰৰ নৱেম্বৰত বীৰগৰাকীৰ বিযয়ে ৰাজ্যৰ সকলোকে ৰচনা লিখিবলৈ আহ্বান জনাইছিল। অসম চৰকাৰৰ এই আহ্বান মৰ্মে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী, অফিচ কাছাৰিৰ সকলো কৰ্মচাৰীয়ে লাচিত বৰফুকনৰ ওপৰত ৰচনা লিখি অনলাই যোগে আপলোড কৰিছিল।
অসম চৰকাৰৰ প্ৰতি আহ্বান প্ৰতি সঁহাৰি জনাই প্ৰায় ৪২ লাখৰো অধিক ব্যক্ৰিয়ে ৰচনা লিখে বীৰ গৰাকীৰ বিষয়ে।
এই ৪২ লাখ ৰচনাই এতিয়া অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আজি গীনিজ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডৰ কৰ্তৃপক্ষই অসম চৰকাৰক গুৱাহাটীত আনুষ্ঠানিকভাবে এই অভিলেখ গঢ়াৰ বাবে প্ৰমাণপত্ৰ প্ৰদান কৰিব।