নিউজ ডেস্কঃ অসমৰ ৰাজ্যপাল জগদীশ মুখী কোৰোনাত আক্ৰান্ত। বুধবাৰে ৰাজ্যপাল গৰাকীক মহানগৰীৰ এপ’ল’ হস্পিতালত ভৰ্তি কৰোৱা হৈছে।
পিছে ৰাজ্যপাল গৰাকীৰ পত্নীৰ কোভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ আহে।
ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৩২৭৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।
লগতে পঢ়কঃমাছ মৰাক কেন্দ্ৰ কৰি কাজিৰঙাত উত্তপ্ত পৰিস্থিতি
ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১১৩৮ গৰাকী লোক।
বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৪৯,৯১৫ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।
ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ৬.৫৬ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৬.৯৬ শতাংশ।
কালি কোভিডত মৃত্যু ঘটিছে চাৰিজন লোকৰ।