গুৱাহাটীঃ অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ অসম ৰাজ্যিক শাখালৈ এখন অতি অত্যাধুনিক এম্বুলেঞ্চ চ’ছাইটিৰ বিষয়ববীয়াৰ হাতত অৰ্পণ কৰে।

এয়াৰবাচ আৰু সমৰ্থনম ট্ৰাষ্ট ফৰ দি ডিচেবুলড, বাঙ্গালুৰু নামৰ এনজিঅ’টোৱে দান কৰা আৰু ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি ৰাষ্ট্ৰীয় মুখ্যালয় নতুন দিল্লী আৰু ইণ্টাৰনেচনেল ফেডাৰছন অফ ৰেডক্ৰছৰ সহায়ত এই এম্বুলেঞ্চখন দান কৰা হয়।

পিছত ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি অসম ৰাজ্যিক শাখাই এই এম্বুলেঞ্চখন ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি, কৰিমগঞ্জ জিলা শাখাৰ অধীনৰ কৰিমগঞ্জস্থিত ৰেডক্ৰছ হস্পিতাল কৰ্তৃপক্ষক অৰ্পণ কৰে।

সোমবাৰে ৰাজভৱনত অনুষ্ঠিত এখনি সভাত ৰাজ্যপাল মুখীয়ে সমৰ্থনম ষ্ট্ৰাষ্ট ফৰ দি ডিচেবুলড কৰ্তৃপক্ষক ধন্যবাদ তথা ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়কঃহিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বিৰোধীক প্ৰতাৰণা কৰাৰ অভিযোগ দেবব্ৰত শইকীয়াৰ

ভাষণ প্ৰসংগত অসমৰ ৰাজ্যপাল তথা ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি অসম ৰাজ্যিক শাখাৰ সভাপতি জগদীশ মুখীয়ে ভাৰতীয় ৰেডক্ৰছ তথা অসম ৰাজ্যিক শাখাৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে।

সভাত সমৰ্থনম ট্ৰাষ্ট ফৰ দি ডিচেবুলড কৰ্তৃপক্ষৰ হৈ সতীশ কে তেওঁলোকৰ বিভিন্ন কাৰ্য্যকলাপৰ ওপৰত আলোকপাত কৰে।

সভাত অসম চৰকাৰ, ৰেডক্ৰছ কৰ্তৃপক্ষৰ বিভিন্ন বিষয়ববীয়াইও অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply