অসম আৰক্ষীয়ে যোৱা সময়চোৱাত জব্দ কৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জ্বলাই শেষ কৰে । অসম আৰক্ষীয়ে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই দহন কাৰ্য সমাপন কৰে। এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশব মহন্ত, অশোক সিংঘাল সহ বহুজনে ড্ৰাগছ বিৰোধী মেজিত ৰাজ্যৰ পৰা ড্ৰাগছৰ ভয়াবহতা পৰা মুক্ত কৰাৰ সংকল্প লয়।
ইয়াৰ পিছতে শনিবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত আয়োজিত দ্বিতীয়টো ড্ৰাগছ নিৰ্মূলকৰণ অভিযান অনুষ্ঠিত হয় ।এই অনুষ্ঠানতে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য বিনষ্ট কৰা হয়। অসম আৰক্ষীয়ে ডিফুত অনুষ্ঠিত কৰা এক ড্ৰাগছ বিনষ্ট অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন প্ৰকাৰৰ নিচাজাতীয় দ্ৰব্যত নিজ হাতেৰে অগ্নিসংযোগ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ পথৰ লগতে সেৱন সম্পূৰ্ণৰূপে বন্ধ নোহোৱা পৰ্যন্ত আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান অব্যাহত থাকিব। নিচাজাতীয় দ্ৰব্যৰ বেহাৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰক্ষীয়ে আইনৰ ভিতৰত থাকি নিচাজাতীয় দ্ৰব্যৰ লগত জড়িত ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান চলাই যাব।
এইদৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জুইত বিনষ্ট কৰি আমি সর্বসাধাৰণ ৰাইজক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰিব বিচৰিছো বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
বিগত সময়ছোৱাত অসম আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ড্ৰাগছ সমূহ আজি জুই লগাই বিনষ্ট কৰা হয়। আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাট আৰু ডিফুত নিচাজাতীয় দ্ৰব্য বিনষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিচাজাতীয় দ্ৰব্যত অগ্নিসংযোগ কৰে। কালিলৈ নগাঁও আৰু হোজাই জিলাত এইদৰে নিচাজাতীয় দ্ৰব্য বিনষ্ট কৰা হ’ব। অসম আৰক্ষীয়ে জব্দ কৰা মুঠ ১৬৩ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য এইদৰে জুই লগাই বিনষ্ট কৰা হ’ব। আজিৰ দুয়োটা দুয়োটা অনুষ্ঠানতে অসম আৰক্ষী সঞ্চালক ভাস্কৰ জ্যোতি মহন্তই অংশ লয় ।
লগতে পঢ়ক এইবাৰ অলিম্পিকত বিজয়ীসকলে নিজেই পিন্ধিব লাগিব মেডেল