গুৱাহাটী : চৰকাৰী কৰ্মচাৰীয়ে এদিনৰ মূল দৰমহা ক’ভিড টীকাকৰণ অভিযানৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজি অসম আৰােগ্য নিধিলৈ বৰঙনি হিচাপে আগবঢ়াব। সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিলে। কর্মচাৰী পৰিষদৰ এই সিদ্ধান্তক আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় প্রতিনিধি দলে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কক্ষত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ক’ভিড যুঁজত সকলাে ধৰণৰ সহায়-সহযােগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
কর্মচাৰী পৰিষদৰ প্রতিনিধি দলে মুখ্যমন্ত্ৰীক অৱগত কৰে যে স্বাস্থ্য বিভাগৰ সকলাে পর্যায়ৰ বিষয়া-কৰ্মচাৰীসকলে যিহেতু ক’ভিড যুঁজত দিনে-নিশাই নিয়ােজিত হৈ আহিছে সেয়েহে তেওঁলােকৰ বাহিৰে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰীয়ে এদিনৰ মূল মহা ক’ভিড টীকাকৰণ অভিযানৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্যপুঁজি অসম আৰােগ্য নিধিলৈ বৰঙনি হিচাপে আগবঢ়াব। সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰৰ ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰিত কৰা প্ৰয়াসৰ প্রতি সঁহাৰি জনাই এই বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত গ্রহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীক অৱগত কৰে।
আৰু পঢ়কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ২৮ খন নতুন আই চি ইউ বিচনা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
মুখ্যমন্ত্ৰীয়ে পৰিষদ এই সিদ্ধান্তক আদৰণি জনায়। ইয়ে ক’ভিড টীকাকৰণক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ দিশত ইতিবাচক প্রভাৱ পেলাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাক্ষাতকালৰ সময়ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ কলিতা, সভাপতি প্রদীপ দত্ত, উপ সভাপতি দ্বীপেন শর্মা, ভাৰপ্ৰাপ্ত সম্পাদক প্রধান শ্যামন্ত দাস আৰু কোষাধ্যক্ষ অৰবিন্দ দাস উপস্থিত থাকে।