আজি বোকাখাতত চৰকাৰে দাহ কৰে ২৪৭৯টা খড়্গ ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই খড়্গসমূহ দাহ কৰে। নাম-প্ৰসংগ, মন্ত্ৰোচ্চাৰণ, আদ্যশ্ৰাদ্ধৰ মাজেৰে সম্পৰ্ণ হয় খড়্গ দাহ কাৰ্যসূচী। বোকাখাত ৰাজহুৱা খেলপথাৰত খড়্গসমুহত মুখাগ্নি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
পুৱাৰ ভাগত বোকাখাত কোষাগাৰৰ পৰা সম্পূৰ্ণ নিৰাপত্তাৰ মাজত খড়্গসমুহ বোকাখাত ৰাজহুৱা খেলপথাৰলৈ অনা হয় ৷ তাৰ পাছতেই বিশ্ব গঁড় দিৱস উপলক্ষে নাম- প্ৰসংগ অনুস্থিত হয় ৷ সমান্তৰাল ভাৱে মৃত গঁড় সমুহৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধও অনুস্থিত কৰে ৷ আদ্য শ্ৰাদ্ধৰ বাবে তিনিচুকীয়াৰ পৰা অহা ১৯ জন পুৰোহিতে কাৰ্য সমাপন কৰে ৷ গঁড়ৰ খড়্গ দাহনৰ পাছত ছাইসমুহ ব্ৰক্ষ্মপুত্ৰত চিতাভষ্মৰূপে বিসৰ্জন দিব ৷
বৰ্তমান সময়ত ৰাজ্য চৰকাৰে বাকী থকা ৯৪টা খড়্গ সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুঠ ২৬২৩টা খড়্গ পৰীক্ষা সম্পন্ন হৈছিল ৷ তাৰ মাজত ৫০টা খড়্গৰ ন্যায়ালয়ত গোচৰ চলি থকাৰ বাবে দাহ কৰাৰ পৰা বিৰত থাকে বন বিভাগ ৷ বনবিভাগে পৃথিৱীৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক খড়্গ জ্বলোৱা কাৰ্যসূচী সফল ভাবে সম্পৰ্ণ কৰে ৷

বিশ্ব ৰাইনো দিৱসৰ দিনাই গোলাঘাট, কাৰ্বিআংলং, নগাঁও, BTR, কামৰূপ, মৰিগাঁও, নগাঁও, বিশ্বনাথ জিলাৰ পৰা অনা খড়্গসমুহ দাহ কৰে ৷ মুঠ ৬টা স্থানত খড়্গসমূহ দাহন কৰা হয়। ইয়াৰে ৪টাত কেৱল গোলাঘাট আৰু বোকাখাট কোষাগাৰৰ খড়্গসমূহ দাহ কৰাৰ লগতে আন ২টা স্থানত অন্য জিলাৰ কোষাগাৰৰ খড়্গসমূহ জ্বলাই ৷
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, গঁড় হত্যা কৰাটো এতিয়া সহজ নহয় । এতিয়াৰে পৰা স্বাভাৱিক আৰু দুৰ্ঘটনাত মৃত্যু হোৱা গঁড়ৰ খৰ্গ দাহন কৰা হ’ব । কাজিৰঙাতো সংৰক্ষণ কৰা হ’ব গঁড়ৰ খৰ্গ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
অনুষ্ঠানটো সুচাৰু ৰূপে চলি থকাৰ মাজতে এক অঘটন ঘটে । দাহ কৰাৰ পূৰ্বে ফুল চটিওৱাৰ বাবে অনা অত্যাধুনিক ড্ৰোণ খন খৰ্গৰ লগতে ভস্মীভুত হয় । খৰ্গ দাহৰ সময়তে চৌকাত পৰি যায় কেইবালাখ টকা মূল্যৰ ড্ৰোণখন ।
লগতে পঢ়ক-প্ৰশাসনৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি তেজপুৰৰ এখন বিদ্যালয়ৰ আজৱ কাণ্ড
অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আৰু কয়,”গঁড়ৰ খৰ্গ বিক্ৰী কৰি চৰকাৰ চলিব নোৱাৰে,গঁড়ৰ খৰ্গত কোনো মেডিচিন নাই,
গঁড় জীয়াই থকাটোৱে আমাৰ বাবে গৌৰৱ, মানুহৰ ভ্ৰান্ত ধাৰণা আঁতৰোৱাৰ উদেশ্যে গঁড়ৰ খৰ্গ দাহ অনুষ্ঠান কৰা হৈছে”।