গুৱাহাটীঃ ৰাজ্যৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱা বুলি মন্তব্য কৰি চাঞ্চল্যৰ সৃষ্টি কৰা ভিক্টৰ দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পিছতেই পুনৰ আন এক বিস্ফোৰণ মন্তব্য কৰিছে অম্লানজ্যোতি দত্ত নামৰ আন এগৰাকী যুৱকে। তৃতীয় বৰ্গৰ চাকৰিৰ এটা পদৰ বিনিময়ত সাত লাখ টকা বিচৰা অভিযোগ উত্থাপন হৈছে।
অম্লানজ্যোতিয়ে কয়, ‘‘মোৰ লগৰ বহুজনৰ পৰা টকা বিচাৰিছিল। মোৰ লগৰজনৰ পৰা ৭লাখ টকা বিচাৰিছিল। ৭ লাখটো একেলগে দিব নালাগে, দুটা ইএমআইত দিলে হ’ব বুলি এজন ব্ৰকাৰ টাইপৰ লোকে কৈছিল। এই কথা-বতৰা বোৰ গুৱাহাটীতে হৈছিল। অসমৰ বহু ঠাইতো এনেকুৱা হৈ আছে । লোকজনে টকা দিয়া কেইবাগৰাকী পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডো দেখুৱাইছিল।”
ভিক্টৰ দাসক ‘ছাৰ’ বুলি সম্বোধন কৰা অম্লানজ্যোতিয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘ময়ো পৰীক্ষা দিছিলো। মোক পইচা বিচৰা নাই। কিন্তু মোৰ লগৰ বহুতকে পইচা বিচাৰিছিল। ”
উল্লেখ্য যে, ৰাজ্যৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসক শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাসক। তেওঁ ছ’চিয়েল মিডিয়াত কৰা অভিযোগৰ পিছতে সমগ্ৰ অসমজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।ভিক্টৰ দাসে ‘Scordemy’ নামৰ এটা অনলাইন প’ৰ্টেলত মালিগাঁও আৰু ৰাজগড়ৰ দুটা কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰে।