গুৱাহাটী: অসম চৰকাৰে বুধবাৰে কৃষি উৎপাদনশীলতা বৃদ্ধি আৰু কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰে অসম মিলেট অভিযানৰ শুভৰাম্ভ কৰে।

এই উদ্দেশ্যে আজি খানাপাৰা খেলপথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য মন্ত্ৰী হিতাধিকাৰীৰ মাজত বিভিন্ন কৃষি যন্ত্ৰ-পাতি আৰু কৃষি সামগ্ৰী বিতৰণ কৰে।

 “কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম মিলেট অভিযান আৰম্ভ কৰা হৈছে। বিশ্বৰ বজাৰত বহু পৰিমাণে বৃদ্ধি পাইছে মিলেটৰ চাহিদা। মিলেটে শিশু মাতৃক পুষ্টিকৰ খাদ্য যোগান ধৰে। মিলেট খালে ডায়েবেটিজৰ সম্ভাৱনা কমি যায়। সেয়েহে অসম চৰকাৰে ২৫ হাজাৰ হেক্টৰ ভূমিত মিলেট পদ্ধতিৰে খেতি কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে,” শৰ্মাই কয়।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিৰে ৬টা মাটিৰ পৰীক্ষা আৰু মান নিয়ন্ত্ৰক পৰীক্ষাগাৰ আৰু ২ টা জ্ঞান কেন্দ্ৰ উদ্বোধন কৰে, এই কেন্দ্ৰ কেইটাই ৰাজ্যখনক কৃষি ক্ষেত্ৰত স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

লগতে পঢ়ক – লোকসভাৰ প্ৰাৰ্থী তালিকাক লৈ পুনৰ গৃহকন্দল অসম বিজেপিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply