গুৱাহাটী: অসম চৰকাৰে ৰাজ্যখনৰ আৰু দুটা অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ কৰাৰ কথা চিন্তা-চৰ্চা কৰি আছে, আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।
আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উগ্ৰপন্থা পৰিহাৰ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰা ৰাজ্যৰ বিভিন্ন বিদ্ৰোহী সংগঠনৰ সদস্যসকলৰ মাজত ৰাজ্য চৰকাৰে আগবঢ়োৱা আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মুখ্য মন্ত্ৰীয়ে এইদৰে কয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয়, ‘’অসম আৰু উত্তৰ-পূবত শান্তি ঘুৰি আহিছে। ৰাজ্যৰ ৬৫ শতাংশ অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ হৈছে। অনাগত দিনত আমি কাচাৰ জিলাৰ লখিপুৰ আৰু সমগ্ৰ কাৰ্বি আংলং জিলাৰ পৰা এই আইন প্ৰত্যাহাৰ কৰাৰ কথা বিবেচনা কৰি আছো।‘’
‘’তেনে কৰিলে উজনি অসমৰ ৬খন জিলাক বাদ দি সমগ্ৰ অঞ্চল অশান্ত অঞ্চল আইনৰ পৰা মুক্ত হ’ব,’’ তেওঁ লগতে কয়।
ভাষণ প্ৰসংগত তেওঁ বিগত বৰ্ষৰ মে’ মাহত ৰাজ্যত নতুন চৰকাৰ গঠন হোৱাৰ পৰা এতিয়ালৈকে মুঠ বিভিন্ন বিদ্ৰোহী সংগঠনৰ ৬,৭৮০ গৰাকী কেডাৰে আত্মসমৰ্পন কৰা বুলি জানিবলৈ দিয়ে।
আজিৰ অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়া মতে ৰাজ্য চৰকাৰৰ এই সাহায্য পুঁজিৰ অধীনত বিভিন্ন বিদ্ৰোহী গোটৰ মুঠ ৩১৮ গৰাকী আত্মসমৰ্পন কৰা সদস্যক ১ লাখ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে সামৰি লোৱা হৈছে।
ৰাজ্য চৰকাৰৰ এই সাহায্য আঁচনিৰ সুবিধা লাভ কৰাসকলৰ ভিতৰত ইউনাইটেড গোৰ্খা পিপ’লছ অৰ্গেনাইজেশ্যন (UGPO)-ৰ ১২৭ গৰাকী, তিৱা লিবাৰেচন আৰ্মি (TLA)-ৰ ৭৬ গৰাকী, কুকি লিবাৰেচন ফ্ৰন্ট (KLF)-ৰ ৩৩ গৰাকী, ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মি (DNLA)-ৰ ১১ গৰাকী, কুকি নেশ্যনেল লিবাৰেচন আৰ্মি (KNLA)-ৰ ৩৮ গৰাকী আৰু সংযুক্ত মুক্তি বাহিনী অসম (ULFA)-ৰ ৩৫ গৰাকী সদস্য আছে।
উল্লেখযোগ্য যে যোৱা ১ অক্টোবৰৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাকেইখনৰ লগতে কাচাৰ জিলাৰ লখিপুৰ মহকুমাত ৬ মাহৰ বাবে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বৃদ্ধি কৰা হৈছিল।
লগতে পঢ়ক – Morbi Tragedy: গুজৰাটৰ শোকাৱহ দলং দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি