নিউজ ডেস্কঃ অসমত কৰোণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য় ৰাখি শিক্ষা বিভাগে জাৰি কৰিলে নতুন নিৰ্দেশনা।
ৰাজ্যৰ যিসমূহ জিলাত কভিড আক্ৰান্তৰ সংখ্যাই ১০০ অতিক্ৰম কৰিব সেইসমূহ জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰাথমিক শিক্ষানুষ্ঠান (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) সম্পূৰ্ণ বন্ধ থাকিব।
বাকী উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰেহে পাঠদান চলিব ৷
এই একেই পদ্ধতি তেনে জিলা কেইখনৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শ্ৰেণীবোৰৰ বাবেও প্ৰযোজ্য হ’ব ৷
ৰোল নং ১ৰ পৰা ২৫লৈ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে আনহাতে, ৰোল নং ২৬ৰ পৰা ৫০লৈ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ এদিন এৰি এদিন শ্ৰেণীসমূহ অনুষ্ঠিত হোৱাৰ নিৰ্দেশনা দিছে।
যদি কোনো শাখাত ৫০ গৰাকীকৈ কম শিক্ষাৰ্থী থাকে তেন্তে কৰ্তৃপক্ষই সেই অনুপাতে পাঠদানৰ ব্যৱস্থা কৰিব লাগিব।
প্ৰাথমিক শ্ৰেণীৰ বাবে অনলাইন শিক্ষাত অগ্ৰাধিকাৰ ।
ইফালে পাঠদানৰ সময়ত শিক্ষানুষ্ঠানসমূহে কভিড বিধি কঠোৰভাৱে পালন কৰিব লাগিব। হাত ধোৱা, চেনিটাইজ কৰা, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বৰ্তাই ৰখাতো বাধ্যমূলক কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।
শিক্ষানুষ্ঠানখনো চেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই।
কোনো শিক্ষানুষ্ঠানে প্ৰাৰ্থনা আৰু প্ৰাতঃ সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
কোনো শিক্ষাৰ্থী অথবা শিক্ষক কাঁহ, জ্বৰ, চৰ্দি আদিৰ লক্ষণ থাকিলে শিক্ষানুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব।