গুৱহাটী: অসম চৰকাৰে ক’ভিড মহামাৰীৰ সময়ত লোকচানৰ সন্মুখীন হোৱা বাণিজ্যিক বাহনসমূহৰ ফিটনেচ প্ৰমানপত্ৰৰ পুনৰ নৱীকৰণৰ বাবে দিবলগীয়া বিলম্বিত মাচুলক ব্যাপক হাৰত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে চৰকাৰে এই উদ্দেশ্যে এখন এককালীন নিষ্পত্তি আঁচনিৰ ঘোষণা কৰে।

পৰিৱহন সচিব আদিল খানে জাৰি কৰা এখন জাননীত কোৱা হয় – যিসকল গাড়ী মালিকে লকডাউনৰ বাবে তেওঁলোকৰ বাহনসমূহ চলাব নোৱাৰাত সময়মতে গাড়ীৰ ফিটনেছ প্ৰমাণপত্ৰ নৱীকৰণ কৰিব নোৱাৰিলে তেওঁলোকক ইয়াৰ জৰিয়তে অতি অতিৰিক্ত সময় দিয়া হৈছে।

এখন বিভাগীয় বিজ্ঞপ্তিৰ মতে, এই সুবিধা ১৫ জুলাইৰ পৰা কাৰ্যকৰী হ’ব আৰু অহা ১৫ অক্টোবৰলৈকে তিনি মাহৰ বাবে ই বাহাল থাকিব।

উক্ত সুবিধা লাভ কৰিবলৈ গাড়ী মালিকসকলে সকলো যাৱতীয় নথি-পত্ৰ আপডেট কৰাৰ লগতে যান-বাহনৰ পথ কৰ আদায় কৰিব লাগিব বুলি বিজ্ঞপতিটোত কোৱা হয়।  

আনহাতে, বৃহস্পতিবাৰে জিলা পৰিবহন বিষয়াৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত মহানগৰ  জিলা পৰিবহন বিষয়া গৌতম দাসে এই সন্দৰ্ভত এখন সংবাদমেল সম্ভোধন কৰে।

সংবাদমেলত পৰিবহন বিষয়া গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বি শৰ্মাৰ নিৰ্দেশ তথা কেবিনেটৰ সিদ্বান্ত মৰ্মে ১৫ জুলাইৰ পৰা পৰিবহনখণ্ডত বৃহৎ সকাহ দিয়াৰ উদ্দেশ্যে লগতে কভিদ-১৯ সাহাৰ্য্য হিচাপে ফিটনেচ প্ৰমানপত্ৰৰ বিলম্বিত মাচুলক ব্যাপক হাৰত হ্ৰাসকৰনৰ সিদ্বান্ত লোবা হয়।

লগতে তিনিচকীয়া বাহন, বানিজ্যক ট্ৰেকতৰৰ ক্ষেত্ৰতো বিশেষ কৰ ৰেহাই দিয়াৰ কথাও সদৰী কৰে জিলা পৰিবহন বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক – অসমলৈ দুই কোটি টকাতকৈ অধিক বান সাহায্য Walmart, Flipkart-ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply