তেজপুৰঃ ইন্দিৰা মিৰি সাৰ্বজনীন পেঞ্চন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানৰ মঙলবাৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ১১,৮৯৬গৰাকী বিধৱা মহিলাক এই সাহায্য আগবঢ়োৱা হ’ব।
এই অনুষ্ঠানতে ৪৪ টা শোণিতপুৰৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালক মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো পৰিয়ালক ১ লাখকৈ টকা বানসাহায্য প্ৰদান কৰে। ৰাজ্যত এনে মুঠ ৩০৮টা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
লগতে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত ১৮ৰ পৰা ৪৫ বছৰৰ ভিতৰৰ স্বামীহাৰা মহিলাসকলৰ মাজত ২৫,০০০ টকাৰ এককালীন আৰ্থিক সাহায্য বিতৰণ কৰে। এই এককালীন আৰ্থিক সাহায্য হৈছে নিয়মীয়া মাহিলি পেঞ্চনৰ উপৰি এটা অতিৰিক্ত ধনৰাশি। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হ’ব এই ধনৰাশি।

তেজপুৰ কলেজিয়েট স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত দাস, মন্ত্ৰী অশোক সিংঘল আৰু কেশৱ মহন্ত।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত অৰুণোদয় আঁচনিৰ অধীনত ৬ লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ’ব। ১০ লাখ নতুন পৰিয়ালক বিনামূলীয়া চাউল লাভ কৰাৰ বাবে প্ৰদান কৰা হ’ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকাসকলক বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰে আৰম্ভ কৰা হ’ব চিকিৎসা বীমা।
তেজপুৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অশোক সিংহল, কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাস, বিধায়কসকল ক্ৰমে পৃথিৰাজ ৰাভা, গণেশ লিম্বু, কৃষ্ণ কমল তাঁতী আৰু বহুকেইগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল।