গুৱাহাটীঃ অসমৰ চাহ বাগিচাত প্ৰথমবাৰলৈ আদৰ্শ বিদ্যালয় নিৰ্মাণেৰে চাহ বাগিচাত শিক্ষাৰ সোণালী যুগৰ সূচনা।
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চলত ৯৬ খন হাইস্কুল (আদৰ্শ বিদ্যালয়) উদ্বোধন কৰে। এই বাগিচা অঞ্চলসমূহত কেৱল প্ৰাথমিক শিক্ষাৰ সুবিধা আছিল যাৰ ফলত বহু ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ পৰিছিল।
ইতিমধ্যে অসমৰ ৯৬ টা চাহ বাগিচা অঞ্চলত নতুনকৈ আৰম্ভ হোৱা আদৰ্শ বিদ্যালয়সমূহত প্ৰায় ১৪,৫৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। প্ৰতিখন আদৰ্শ বিদ্যালয় বিদ্যালয়ত ৮ গৰাকী শিক্ষক নিযুক্তি দিয়া হৈছিল।
লগতে পঢ়কঃডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন ফ্লপ শ্ব’ত পৰিণত টীয়কত
তেজপুৰৰ ঘাগ্ৰা আৰু ৰূপাজুলি চাহ বাগিচাত এনে দুখন বিদ্যালয় উদ্বোধন কৰি শৰ্মাই কয়, ‘৭৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীক গুৰুত্ব দি আমি তেওঁলোকৰ সন্তানৰ বাবে আদৰ্শ বিদ্যালয় স্থাপন কৰিছো। মই নিশ্চিত যে এই বিদ্যালয়সমূহে শিক্ষাক ব্যাপক গতি প্ৰদান কৰিব আৰু চাহ জনগোষ্ঠীৰ সামগ্ৰিক বিকাশ সুনিশ্চিত কৰিব।”

চাহ বাগিচাৰ মাটিৰ সৈতে সম্পৰ্ক থকা একো একোগৰাকী পুৰোধা ব্যক্তিৰ নামত উৎসৰ্গিত হ’ব চাহ বাগিচা এলেকাত নতুনকৈ উদ্বোধন হোৱা ৯৬খন আদৰ্শ বিদ্যালয়ৰ নাম। বৰ্তমান উচ্চ মাধ্যমিক শ্ৰেণীলৈ থকা প্ৰতিখন আদৰ্শ বিদ্যালয় অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে উন্নীতকৰণ কৰি পাঠদান আগবঢ়োৱা হ’ব।
তেজপুৰ-ঘগ্ৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়ক ‘শ্বহীদ মাংৰী ওৰাং আদৰ্শ বিদ্যালয়’, ৰূপাজুলি চাহ বাগিচা আদৰ্শ বিদ্যালয়ক ‘লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ বিদ্যালয়’ আৰু সোণাজুলি চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ক ‘শ্বহীদ হেমলাল কালন্দী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়’ হিচাপে নামকৰণ কৰা হ’ব।
এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহল, পল্লৱলোচন দাস, কৃষ্ণকমল তাঁতী, পৃথিৰাজ ৰাভা, গণেশ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই।