গুৱাহাটী: ৰাজ্যত চলি থকা বিভিন্ন গোচৰৰ নিষ্পত্তি খৰতকীয়া কৰাৰ বাবে অসম চৰকাৰে নিম্ন ন্যায়পালিকাত ১০০ টা নতুন পদ সৃষ্টি কৰাৰ সিদ্ধান্ত কৰিছে বুলি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।
শনিবাৰে গুৱাহাটীত অনুষ্ঠিত অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে কেন্দ্ৰই ন্যায়ালয়ৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৯,০০০ কোটি টকা অনুমোদন জনাইছে আৰু অসমে ইয়াৰ অংশ হিচাপে প্ৰায় ৩০০ কোটি টকা লাভ কৰিব।
ইয়াৰ উপৰিও, ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত অতিৰিক্ত ৩০০ কোটি টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ন্যায় প্ৰদান প্ৰণালী ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
“আমাৰ গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ মাজত আইনৰ শাসন বজাই ৰখা আৰু ক্ষমতাৰ সূক্ষ্ম ভাৰসাম্য বজাই ৰখাত ন্যায়পালিকাই সদায় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ ফলত দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ আৰু স্বাধীনতা অটুট থকাটো নিশ্চিত হৈছে,’’ মুখ্যমন্ত্ৰীয়ে লগতে কয়।
ইয়াৰ পূৰ্বে অনুষ্ঠানটোত ভাগ লৈ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে মুখ্য মন্ত্ৰীৰ উপস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদৰ পুৰণি খণ্ডত নিৰ্মাণ কৰা ন্যায়ালয়ৰ সংগ্ৰহালয়টো উদ্বোধন কৰে।
উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি “দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা” শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনাচক্ৰও অনুষ্ঠিত হয়।
লগতে পঢ়ক – চিলাপথাৰত মহিলাসহ চাৰি কিশোৰী সৰবৰাহকাৰীক আটক