গুৱাহাটী : অসম চৰকাৰে ক’ভিডৰ ফলত স্বামীক হেৰোৱাব লগীয়া হোৱা মহিলাসকলৰ বাবে এক বিশেষ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি ৫ লাখ টকাতকৈ কম উপাৰ্জনৰ কোনো পৰিয়ালত যদি এজন লোকৰ ক’ভিডত মৃত্যু হয় তেন্তে তেওঁৰ বিধৱা পত্নীক চৰকাৰে ২.৫ লাখ টকা প্ৰদান কৰিব।
অৰুণোদয় আঁচনি আৰু বিধৱা পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলেও মুখ্য মন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত উক্ত এককালীন সাহায্য লাভ কৰিব। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা সদৰী কৰে।
উক্ত আঁচনিৰ ধন লাভ কৰিবলৈ হ’লে হিতাধিকাৰী গৰাকীৰ স্বামী মৃত্যুৰ সময়ত ক’ভিড পজিটিভ থাকিব লাগিব আৰু ৰাজ্যিক ক’ভিড ডেথ অ’ডিট বৰ্ডে ইয়াক স্বাক্ষৰ কৰি দিব লাগিব।
লগতে পঢ়ক : টীয়কত সান্ধ্যআইন ভংগকাৰীলৈ আৰক্ষীৰ গুলীচালনা
‘হিতাধিকাৰী গৰাকীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৫ লাখ টকাতকৈ কম হ’ব লাগিব,’ আঁচনিখনত উল্লেখ কৰা আছে।
অৱশ্যে, কোনোধৰণৰ চৰকাৰী চাকৰিয়ালৰ বিধৱাক এই আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা নহ’ব, কিয়নো তেওঁকোলে নিয়ম অনুসৰি পৰিয়াল পেঞ্চন লাভ কৰে।
যোগ্যতা সম্পন্ন হিতাধিকাৰীয়ে সংশ্লিষ্ট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত গৈ প্ৰয়োজনীয় নথি পত্ৰ জমা দি আৰ্থিক সাহায্যৰ বাবে আৱেদন কৰিব পাৰিব।