.শিল্পী অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ ১লাখ টকা আৰ্থিক সাহায্য
.শিল্পী অৰুণ দাসলৈ ৰাজ্য চৰকাৰৰ ১লাখ টকা আৰ্থিক সাহায্য

নিউজ ডেস্কঃ অসমৰ জনপ্ৰিয় শিল্পী অৰুণ দাসলৈ ৰাজ্য চৰকাৰে আগবঢ়ালে ১লাখ টকাৰ আৰ্থিক সাহায্য।

মঙলবাৰে কোভিড১৯ৰ পৰা মুক্ত হৈ মঙলবাৰে গুৱাহাটী মেডিকেল কলেজ হস্পিতালৰ পৰা ঘৰলৈ উভতে শিল্পীগৰাকী।

শিল্পীগৰাকীৰ বাসগৃহত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা উপস্থিত হৈ তেওঁলৈ ১ লাখ টকাৰ চেক আগবঢ়ায়।

আৰু পঢ়কঃশোণিতপুৰত কোভিডত আক্ৰান্তৰ হৈ দুগৰাকী মহিলাৰ মৃত্যু

মন্ত্ৰী বিমল বৰাই আৰ্থিক দৈন্যতাত ভোগা শিল্পী, কলা-কুশলীক চৰকাৰে সাহাৰ্য্য আগবঢ়াব বুলি মন্তব্য কৰে আৰু ১৫ আগষ্টৰ পৰা শিল্পীগৰাকীক পেঞ্চন প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে।

৯০’দশকৰ এই জনপ্ৰিয় শিল্পীগৰাকীয়ে বহু কেইটা জনপ্ৰিয় গীত অসমবাসীক উপহাৰ দিছে।

শিল্পীগৰাকী আৰু তেওঁৰ পত্নী কোভিড১৯ত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ থকা অৱস্থাত তেওঁলোকক চোৱাচিতা কৰিবলৈ কোনো লোক নাছিল।

জুবিন গাৰ্গ আৰু জয়ন্ত কাকতিৰ উদ্যোগত মঙলবাৰে হাস্পতালৰ পৰা নিজ গৃহলৈ উভতিছিল অৰুণ দাস আৰু তেওঁৰ পত্নী পিংকী দাস।

জুবিন গাৰ্গ আৰু পবিত্ৰ ৰাভাই তেওঁলোকক খাদ্যৰ ব্যৱস্থা কৰিছে আৰু কন্ঠশিল্পী দিক্ষুৱে ঔষধৰ যোগান ধৰিছে।

কন্ঠশিল্পী অৰুণ দাসে এটা ভিডিঅ’ত দুখ প্ৰকাশ কৰি চিকিৎসালয়ত অতি নিম্নমানদণ্ডৰ খাদ্য খোৱাৰ কথা উল্লেখ কৰিছিল,লগতে তেওঁ কৈছিল ইয়াৰ বাহিৰে আন কোনো বিকল্প নাই কিয়নো তেওঁলোকক স্বাস্থ্যকৰ আহাৰ যোগান ধৰিবলৈয়ো কোনো নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply