গুৱাহাটী: সম্প্ৰতি বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ কৰ্মচাৰীৰ বকেয়া দৰমহাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে অসম চৰকাৰে ৮১০ কোটি টকা ব্যয় কৰিব, বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য, ইয়াৰে ১৫০ কোটি টকা বিভিন্ন বেংক আৰু প্ৰায় ৬০-৮০ কোটি টকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-ত পৰিশোধ কৰা হ’ব, বাকী পৰিমাণটো নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰা হ’ব বুলি কয় ড. শৰ্মাই।

গুৱাহাটীত কালি কাগজ কলৰ কৰ্মচাৰীসকলক সাহায্য পেকেজৰ আনুষ্ঠানিক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে এই কথা জানিব দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনে পৰিশোধ কৰিব লগীয়া পেঞ্চন নিয়মীয়া কৰিব। অসম চৰকাৰেও গ্ৰেচুইটিৰ ধন পৰিশোধ কৰিব, আনহাতে কৰ্মচাৰীসকলৰ দৰমহা লিকুইডেটৰে জমা কৰিব বুলিও তেওঁ জনায়।

উল্লেখ্য, কাগজ কল দুটাৰ ৬৬ জন কৰ্মচাৰীক বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি পত্ৰ দিয়া হৈছিল।

২৫ কোটি টকা পুঁজিৰে এটা ট্ৰাষ্ট স্থাপন কৰা হ’ব আৰু ইয়াৰ পৰা লাভ কৰা সূত যিকোনো সংকটৰ সময়ত প্ৰাক্তন কৰ্মচাৰীসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে হাইলাকান্দিত থকা কাছাৰ কাগজ কল ২০১৫ চনৰ পৰা বন্ধ হৈ থকাৰ বিপৰীতে মৰিগাঁও জিলাৰ জাগীৰোডত থকা নগাঁও কাগজ কল ২০১৭ চনৰ পৰা বন্ধ হৈ আছে, কাগজ কল দুটাৰ কৰ্মচাৰীসকলে যোৱা পাঁচ বছৰ ধৰি কোনো দৰমহা লাভ কৰা নাই।

লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ১৪ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply