কংগ্ৰেছ মহাজোঁট
কংগ্ৰেছ মহাজোঁটৰ প্ৰতিনিধি দল

সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ২ মে’ত হ’বলগীয়া ভোট-গণনা নিৰপেক্ষতা বৰ্তাই ৰখাৰ আহ্বান জনাই কংগ্ৰেছ মহাজোঁটে মঙলবাৰে নিৰ্বাচনী আয়োগক এখন স্মাৰকপত্ৰ জমা দিয়ে।

কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত স্মাৰকপত্ৰ জমা দিয়া প্ৰতিনিধি দলটোৱে নিৰ্বাচনী আয়োগক প্ৰত্যেকখন ভোট গণনা টেবুলত থকা চৰকাৰী বিষয়াৰ নামৰ তালিকা প্ৰতি গৰাকী প্ৰাৰ্থীক দিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি ষ্ট্ৰংৰূমৰ পৰা ভোট গণনাৰ টেবুললৈ ইভিএম বিলাক উলিয়াই অনা সময়ৰ লগতে ভোট গণনাৰ সম্পূৰ্ণ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ ৰিটাৰ্ণিং বিষয়াসকলক নিৰ্দেশ দিয়াৰ দাবী জনাই প্ৰতিনিধি দলটোৱে।

স্মাৰকপত্ৰৰ জৰিয়তে, ষ্ট্ৰংৰূমৰ খোলাৰ পিছত প্ৰতিগৰাকী প্ৰাৰ্থীৰ অনুমোদিত এজেন্টক ষ্ট্ৰংৰূমৰ সন্মুখত থাকিব অনুমতি দিব লাগিব আৰু গণনা শেষ নোহোৱা পৰ্যন্ত এজেন্টগৰাকীক তাত থাকিবলৈ অনুমতি দিবলৈ দাবী জনায়।

তদুপৰি প’ষ্টেল বেলতৰ গণনা ইভিএম গণনাতকৈ আগতে কৰাৰ লগতে প’ষ্টেল বেলতৰ কোন দিনা প’ষ্টিং কৰি কোন দিনা ৰিচিভ কৰা হৈছে তাৰ সকলো তথ্য দিবলৈও দাবী জনাইছে প্ৰতিনিধি দলটোৱে।

তেওঁলোকে লগতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সকলো ইভিএমৰ ভোট গণনা শেষ কৰাৰ পিছতহে পৰৱৰ্তী পৰ্যায়ৰ ইভিএমসমূহৰ ভোটগণনা আৰম্ভ কৰিবলৈ দাবী জনায়।

নিৰ্বাচনী আয়োগক জমা দিয়া স্মাৰকপত্ৰৰ এটা প্ৰতিলিপি তেওঁলোকে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়েৰ হাতত জমা দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply